জয়ন্ত মুদৈ, নগাঁও
নগাঁওঃ বিশ্ব পৰিৱেশ দিৱস উপলক্ষে নগাঁও জিলাৰ বটদ্ৰৱাত শতাধিক মহিলাই হাতে হাতে গছ পুলি লৈ উলাই আহি সমূহীয়াভাৱে ৰোপণ কৰিলে গছ পুলি। বটদ্ৰৱাৰ ঐতিহাসিক শান্তিজানৰ পাৰৰ সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত এই গছ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়।
ৰোপণ কৰা হয় ভিন্ন প্ৰকাৰৰ ফল মূলৰ গছপুলিৰ লগতে ফুলৰ গছ। এই গছ পুলি ৰোপন কাৰ্যসূচীত বৃহত্তৰ বটদ্ৰৱা অঞ্চলৰ শতাধিক পুৰুষ-মহিলা উপস্থিত থাকি সংকল্প লয় পৰিৱেশ সেউজীয়া কৰাৰ। গ্ৰামীন অৰ্থনীতি আৰু উন্নয়ন সমিতি(ৰিডচ্)ৰ উদ্যোগত তথা একল অভিযানৰ সহযোগত ঐতিহ্যমণ্ডিত সতী ৰাধিকা স্মৃতি ক্ষেত্ৰত বিশ্ব পৰিবেশ দিৱসৰ লগত সংগতি ৰাখি এই গছ পুলি ৰোপন কাৰ্যসূচীৰ লগতে কাঠফুলা খেতিৰ কৰ্মশালা অনুষ্ঠিত কৰা হয়।
উল্লেখ্য যে, বটদ্ৰৱাৰ সতীৰাধিকা স্মৃতি ক্ষেত্ৰৰ চৌহদৰ লগতে চৌহদৰ বাহিৰতো গছপুলি ৰোপন কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে ৰাইজক সুস্থ পৰিৱেশৰ বাবে সেউজীয়া গছৰ প্ৰয়োজনীয়তা সম্পৰ্কত সচেতনতা অৱলম্বন কৰিবলৈও আহ্বান জনাই ৰিডচৰ কৰ্মকৰ্তাসকলে।