নগাঁও/বটদ্ৰৱাঃ লকডাউনৰ পৰিপ্ৰেক্ষিতত গ্ৰামাঞ্চলৰ জনজীৱন স্তব্ধ হৈ পৰাত দৈনিক হাজিৰা কৰি কোনোমতে পৰিয়াল পোহপাল দি অহা দৰিদ্ৰ লোকসকলৰ বাবে এইসময়ছোৱা অতিকৈ কষ্টকৰ হৈ পৰিছে। লকডাউনৰ এই সময়ছোৱাত যাতে এইসকল লোকে খাদ্যৰ অভাৱত ভূগিবলগীয়া নহয় তাৰ বাবে নগাঁও জিলা প্ৰশাসন আৰু নগাঁও আৰক্ষীয়ে দিন-ৰাতি একাকাৰ কৰি কৰ'নাৰ পৰা ৰাইজক সুৰক্ষিত কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।
ইয়াৰ মাজতে বটদ্ৰৱা আৰক্ষীয়ে আজি বিশেষ পদক্ষেপ গ্ৰহণ কৰে। বটদ্ৰৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দীপজ্যোতি মজুমদাৰৰ নেতৃত্বত আৰক্ষীৰ এটা দলে অন্যান্যসকলৰ সহযোগিতাত ভোমোৰাগুৰি গাৱঁৰ কেইবাটাও দৰিদ্ৰ পৰিয়ালৰ মাজত চাউল, দাইল, আটা, নিমখ, চেনী, চাহপাত, বিস্কুট, মিঠাতেল, আলু, পিয়াজ, চাবোনকে আদি কৰি অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰে।
দুপৰীয়াৰ ভাগত দৰিদ্ৰ লোকসকলৰ ঘৰত উপস্থিত হৈ খাদ্য সামগ্ৰীসমূহ বিতৰণ কৰাৰ লগতে কৰ’না ভাইৰাছ প্ৰতিৰোধৰ বিষয়ে তেওঁলোকক সজাগ কৰি তোলাৰো প্ৰয়াস কৰে বটদ্ৰৱা আৰক্ষীয়ে।লকডাউন আৰম্ভ হোৱাৰে পৰা ৰাজ্যৰ ভিন্ন প্ৰান্তত বাহিৰলৈ ওলাই একাংশ লোকৰ বিৰুদ্ধে আৰক্ষী অধিক কঠোৰ হৈ পৰিছে বুলি ভিন্নজনে মন্তব্য কৰাৰ সময়তে বটদ্ৰৱা থানাৰ আৰক্ষীয়ে গ্ৰহণ কৰা এই পদক্ষেপৰ শলাগ লৈছে সকলোৱে। এনেধৰণৰ কাৰ্যৰ জৰিয়তে ৰাইজক কঠোৰ নোহোৱাকৈ আইনৰ প্ৰতি সজাগ কৰি তুলিব পৰা যাব বুলিও ছ'চিয়েল মিডিয়াত চৰ্চা চলা দেখা গৈছে।