newsnextone.com | ডিজিটেল ডেস্কঃ গণতন্ত্ৰৰ এটা স্তম্ভ হৈছে সংবাদ মাধ্যম৷ সংবাদ মাধ্যম যাক জনমত গঢ়াৰ আৰু চৰকাৰৰ জনবিৰোধী কাম কাজৰ বিৰুদ্ধে ৰাইজক সজাগ কৰা আৰু এনে কাণ্ড সমূহ পোহৰলৈ অনাৰ দায়িত্ব থাকে৷ অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে আৰু শিক্ষাৰ পোহৰ বিলোৱাৰ কামত নিয়োজিত হোৱাৰ এক দায়িত্ব থাকে৷ সমাজত ভাতৃত্ববোধ, সাম্প্ৰদায়িত সংহতি গঢ়াৰ বাবে কাম কৰাৰ দায়িত্ব থকাৰ প্ৰয়োজন বুলি কয় গণতন্ত্ৰৰ এটা স্তম্ভ সংবাদমাধ্যমক৷ কিন্তু তেনে এটা মাধ্যম গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বিক্ৰী হ’ব পাৰে নেকি? 

ভাৰতীয় সংবাদ মাধ্যম বিক্ৰী হয় নেকি তেনে হৈছে এতিয়া চৌদিশে৷ টকাৰ বাবে দেশৰ সংবাদ মাধ্যমে সকলো কাম কৰিব পাৰে বুলি সময়ে সময়ে চৰ্চা হৈ আহিছে৷ কাৰোবাৰ স্বাৰ্থ পূৰণৰ বাবে সংবাদ গোষ্ঠীয়ে আত্মসন্মান বিক্ৰী কৰিব পাৰে বুলি চৰ্চা চলি আহিছে৷ ভাৰতৰ মিডিয়াই টকাৰ লোভত বহু তললৈ যোৱা বুলি এতিয়া চিন্তা জাহিৰ কৰিছে সচেতন লোকে৷ বৃহৎ বৃহৎ সংবাদ গোষ্ঠী, আলোচনী, বাতৰি কাকত আদিয়ে টকাৰ বাবে যিকোনো কাম কৰিব পাৰে নেকি বুলিও চৰ্চা আৰম্ভ হৈছে৷

উল্লেখ্য যে, কোব্ৰা প’ষ্ট নামৰ ৱেবচাইটে চলোৱা এক গোপন অভিযানত বহু কথাই পোহৰলৈ আহিছে৷ সংবাদ মাধ্যমৰ সৈতে জড়িত থকা লোকৰ মানসিকতাক লৈয়ো প্ৰশ্ন উদয় হৈছে এই অভিযান সমস্ত ছবি পোহৰলৈ অহাৰ পিছত৷ টকাৰ বাবে বিক্ৰী হৈ যাব খোজা ভাৰতৰ বৃহৎ সংবাদ গোষ্ঠীসমূহৰ মুখা পিন্ধি থকা ছবিখনকো উদঙাই দিছে কােব্ৰা পোষ্টে৷

অনিৰুদ্ধ বেহেল নামৰ এজন সাহসী সাংবাদিকৰ নেতৃত্বত চলিছিল ষ্টং অপাৰেশ্যন৷ সেয়াও দেশৰ সংবাদগোষ্ঠী সমূহৰ কাৰ্যালয়ত৷ সংবাদগোষ্ঠী সমূহৰ দায়িত্ববাহী লোকৰ সৈতে কথা পাতে আৰু কথা বাৰ্তা গোপনে ৰেকৰ্ড কৰি সংবাদ গোষ্ঠীৰ সমূহৰ স্বাৰ্থৰ কথা পোহৰলৈ আনিবলৈ সক্ষম হয় ষ্টিং অপাৰেশ্যনৰ জৰিয়তে৷ কোব্ৰা পোষ্ট নামৰ ৱেবছাইটে বিশেষ এজেণ্টৰ ভাও ধৰি দেশৰ কেইবাটাও সংবাদ গোষ্ঠীৰ সৈতে কথা পাতে৷ সংবাদ গোষ্ঠীসমূহৰ মুখ্য অধিকাৰী, সম্পাদক, তথা নিউজ ৰুমলৈ গৈ দায়িত্ব বাহী বিষয়াৰ সৈতে পাতি বাতৰি প্ৰকাশ কৰাৰ বিনিময়ত টকা অ’ফাৰ কৰে৷ 

এই বাৰ্তালাপ আছিল অতি গোপনীয়৷ আনহাতে সকলোৰে সপোনৰ অগোচৰে গাৰ নোম শিয়ঁৰি উঠাৰ দৰে সংবাদমাধ্যমে যিকোনো চৰ্ত মানি লব সহজেই সন্মত হয়৷ সাম্প্ৰদায়িক তথা এটা জনগোষ্ঠীৰ বিৰুদ্ধে অপপ্ৰচাৰ, হিন্দু-মুছলমানৰ উত্তেজনামূলক সংবাদ, সংঘৰ্ষ বিয়পিব পৰা বাতৰি প্ৰচাৰ, বিশেষ ৰাজনৈতিক দলৰ নেতাৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰিবলৈ সন্মত হয়৷ আনকি বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, ছোনীয়া গান্ধী অখিলেখ সিং, মায়াবতী আদি নেতা-নেত্ৰীৰ চৰিত্ৰহনন সম্পৰ্কীয় বাতৰি প্ৰকাশ কৰিবলৈও সন্মত হয়৷

দুটা সম্প্ৰদায়ৰ মাজত সংঘৰ্ষ সৃষ্টি কৰিব পৰা আৰু ৰাজনীতিৰ ক্ষেত্ৰত লাভ হ’ব পৰা কাম কৰিবলৈ সাজু হয় কেৱল টকাৰ বাবে৷ কেৱল শকত ধনৰ অংকত সংবাদ গোষ্ঠীসমূহে এনে অপকৰ্ম কৰিবলৈ কুন্ঠাবোধ নকৰি সকলো বাতৰি প্ৰকাশ কৰিবলৈ সাঁজু হৈছিল৷ নিৰ্বাচনৰ সময়ত বিশেষ ভাবে তিনিমাহলৈ প্ৰচাৰ, যিকোনো সম্প্ৰদায়ৰ মাজত সাম্প্ৰদায়িকতা সংঘাত সৃষ্টি কৰিব পৰা বাতৰি প্ৰচাৰ কৰিবলৈ সাঁজু হৈছিল৷ এই অভিযান চলোৱা দলটোৰ পৰা ৫০-১০০ কোটিৰ বিনিময়ত বিৰোধী এনে প্ৰচাৰ আৰু বিৰোধী দলৰ নেতা ৰাহুল গান্ধী, ছোনিয়া গান্ধী, মায়াৱতী, অখিলেশ যাদৱৰ দৰে নেতাক অপবাদ দিবলৈও মান্তি হৈছিল৷ 

২০১৪ চনত মোডী চৰকাৰৰ অহাৰ পূৰ্বৰ পৰাই এনে প্ৰচাৰ কৰি অহা বুলি কয় একাংশ সংবাদ গোষ্ঠীয়ে৷ ক’লাধনৰ লবলৈও তথা নগদ টকা লবলৈও সাঁজু হৈছিল সংবাদ গোষ্ঠীয়ে৷ দলটোৰ পৰা নগদ ধন লৈ দেশত সাম্প্ৰদায়িক সংঘৰ্ষ লগাবলৈ সাজু হৈ যায় মুহূৰ্ততে সংবাদ গোষ্ঠীয়ে৷ 

ষ্টিং অপাৰেশ্যনৰ গুৰি ধৰোতাজনে ছদ্মৱেশত সন্ন্যাসীৰ ভাও ধৰিছিল৷ ভগৱানৰ নাম লিপিবদ্ধ বস্ত্ৰ পৰিধান কৰি অভিযান চলোৱা লোকগৰাকীয়ে নিজৰ পৰিচয় অটল আৰ্চায বুলি দিয়ে সংবাদ গোষ্ঠীৰ লোকৰ সৈতে কথা পতাৰ সময়ত৷ তেওঁলোকৰ মতে নগদ টকা অৰ্থাৎ ক’লাধনৰ টকা লৈ হলেও এই কাম কৰিব বুলি আশ্বাস দিয়ে সংবাদ গোষ্ঠীয়ে৷ আনহাতে সংবাদগোষ্ঠীয়ে এই এজেণ্ডা দেশত বহল ভাবে প্ৰচাৰ কৰিব লাগে বুলিও অভিযান চলোৱা দলটোক বুজনি দিছিল৷ কেনেদৰে একো একোটা সংবাদ মাধ্যমে নিজৰ আত্মা, আদৰ্শক বিক্ৰী কৰি ৰাজনৈতিক ক্ষেত্ৰত আনক লাভালান কৰি নিজে ধন ঘটিব খোজে সেই কথা পোহৰলৈ আহে৷

দেশত বৃদ্ধি পোৱা জাতি-বৰ্ণক লৈ ভেদাভেদ, জাতিভেদে, মানুহৰ মাজত সংঘৰ্ষ লগাব পৰা যিকোনো বাতৰি প্ৰচাৰ কৰিবলৈ সাঁজু হয় সংবাদ গোষ্ঠী৷ এনেবোৰ কাণ্ডক সংবাদ মাধ্যমে উচতাই আহিছে বুলি সময়ে সময়ে সংবাদ গোষ্ঠী, বাতৰি কাকত, ৱেবচাইটসমূহৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ আহিছে৷ চৰকাৰেই ক’লাধন তথা দেশত চলি থকা ভ্ৰষ্টাচাৰ নিয়ন্ত্ৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৰাইজক৷ আনফালে কলা ধনৰ বিনিময়ত দেশৰ সংবাদগোষ্ঠী বিক্ৰী হ’বলৈ সাঁজু হয়৷ 

গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভ বুলি কোৱা হয় সংবাদ মাধ্যমক৷ জনসাধাৰণৰ হিতৰ বাবে সংবাদ মাধ্যম শুদ্ধ পথ বাচিলোৱাৰ প্ৰয়োজন৷ দৰিদ্ৰ, সামাজিক ভাবে বঞ্চিত সকলৰ কণ্ঠ হোৱাৰ পৰিৱৰ্তে একো একোটা সংবাদ গোষ্ঠীয়ে এটি দলৰ হৈ কাম কৰিবলৈ সাঁজু হয়৷

সাম্প্ৰদায়িক মনোভাৱ, দেশৰ সামাজ ব্যৱস্থাক ধ্বংস কৰিব পৰা কাৰ্য কৰিবলৈ মিডিয়াই সাঁজু হোৱাটোৱেই দেশৰ বাবে অশুভ লক্ষণ৷ এই ঘটনাই কেৱল দিল্লীতে নহয় সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে৷ মিডিয়াই নিৰ্বাচনৰ সময়ত এটা বিশেষ ৰাজনৈতিক দলৰ সপক্ষে আৰু আন ৰাজনৈতিক দলৰ বিৰুদ্ধে অপপ্ৰচাৰ কৰা দেখা গৈছিল৷ জনতাৰ মাজত বিদ্ৰোহ জগাই পৰপস্পৰৰ মাজতেই সংঘৰ্ষত লিপ্ত কৰোৱাৰ পৰিৱেশ সৃষ্টি কৰিব খোজাৰ অভিযোগো সংবাদ মাধ্যমৰ বিৰুদ্ধে উত্থাপন হৈছিল৷