♦ দোষীক কৰায়ত্ত কৰি ফাষ্ট ট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলোৱাৰ দাবী
আব্দুল বাৰেক, বিহালীঃ যোৱা ৭ এপ্ৰিলত বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰত একাংশ দুষ্কৃতিকাৰীয়ে চৌকত আলিৰ লগত সংঘটিত কৰা অমানৱীয় বৰ্বৰ ঘটনাক বিভিন্ন দল-সংগঠনে একত্ৰিতভাৱে তীব্ৰ ভাষাৰে গৰিহণা জনাইছে।
এই ঘটনাই বিশ্বনাথবাসীক লজ্জাজনত কৰাৰ লগতে সাতামপুৰুষীয়া ঐক্যত আঘাত হানিছে। চৌকত আলিৰ উচিত ন্যায়ৰ লগতে নিৰপেক্ষ তদন্তৰ জৰিয়তে দোষীক কঠোৰ শাস্তি প্ৰদান কৰাৰ স্বাৰ্থত আমছু, আছু, যুৱ ছাত্ৰ পৰিষদ, আটছা, সংগ্ৰামী যুৱ ছাত্ৰ পৰিষদ, আছা, টাইপা, আগছু, বড়ো ছাত্ৰ সন্থা, কাৰ্বি ছাত্ৰ সন্থাৰ এক সজাতি দলে বিশ্বনাথ জিলাৰ উপায়ুক্তক এক দাবী সম্বলিত স্মাৰক-পত্ৰ প্ৰদান কৰে।
সংগঠনকেইটাই বিশ্বনাথত সংঘটিত অমানৱীয় কাণ্ডৰ লগত জড়িত প্ৰত্যেকজন অভিযুক্তক অতি শীঘ্ৰে কৰায়ত্ব কৰি জে’ল হাজোতত ৰাখি ফাৰ্ষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ দাবী জনাইছে।
উক্ত ঘটনাটোৰ আঁৰত জড়িত মূল ষড়যন্ত্ৰকাৰীসকলক আৰক্ষীয়ে চিনাক্ত কৰি আইনমতে শাস্তি দিয়াৰ বাবে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কৰ্মৰত এজন ন্যায়ধীশৰদ্বাৰা নিৰপেক্ষ ন্যায়িক তদন্ত ঘোষণা কৰিব লাগে।
লগতে সংগঠনকেইটাই ভুক্তভোগী ব্যৱসায়ী চৌকত আলীক অমানৱীয়ভাৱে অত্যাচাৰ কৰাৰ ফলত তেওঁৰ ব্যৱসায় বন্ধ হৈ পৰাত পৰিয়ালক পোহপাল আৰু তেওঁৰ উন্নত চিকিৎসাৰ বাবে এককালীন আৰ্থিক সাহায্য প্ৰদান কৰিবলৈ দাবী জনায়।
অসমৰ ইতিহাসত প্ৰথমবাৰৰ বাবে হোৱা এনে অমানৱীয় আৰু বৰ্বৰতাৰ চৰম নিদৰ্শনেৰে আঘাত কৰা কাণ্ড যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে চৰকাৰ তথা আৰক্ষীক কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী জনাইছে সংগঠনকেইটাই।
আনহাতে উক্ত ঘটনাৰ আলম লৈ যাতে কোনো অপশক্তিয়ে সাম্প্ৰদায়িক বিভেদ সৃষ্টি কৰি হিন্দু- মুছলমান তথা ভিন্ন ধৰ্মাৱলম্বী লোকৰ মাজত বিদ্বেষ জাগ্ৰত কৰি কোনেও যাতে নিজ মুনাফা আদায় কৰিব নোৱাৰে তাৰ প্ৰতি প্ৰশাসনে তীক্ষ্ণ দৃষ্টি ৰখাৰ লগতে তেনে অপশক্তিক কঠোৰ হাতেৰে দমন কৰিবলৈ সংগঠনসমূহে দাবী জনাইছে।
এই অমানৱীয় কাণ্ডৰ লগত জড়িত দোষীক কৰায়ত্ব কৰিবলৈ যাওঁতে যাতে সৰ্বসাধাৰণ ৰাইজ হাৰাশাস্তিৰ সন্মুখীন নহয় তাৰ প্ৰতিও প্ৰশাসনক নজৰ ৰাখিবলৈ দাবী জনাইছে। সংগঠনকেইটাই জিলা প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰি ৰাইজক আইনৰ ওপৰত আস্থা আৰু বিশ্বাস ৰাখি কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি নকৰিবলৈ আহ্বান জনায়।
লগতে বিশ্বনাথ পৌৰসভাই বিশ্বনাথ চাৰিআলি সাপ্তাহিক বজাৰ নিবিদা অবিহনে একাংশ যুৱকৰদ্বাৰা কৰ সংগ্ৰহ কৰি আহিছে। এই সাপ্তাহিক বজাৰ খন অতি শীঘ্ৰেই নিবিদাৰ জৰিয়তে চৰকাৰীভাৱে ৰাজহ সংগ্ৰহ কৰিবলৈ দাবী জনাইছে।
ইফালে আজি এই স্মাৰক-পত্ৰ প্ৰদান কালত আছুৰ সহকাৰী সাধাৰণ সম্পাদক দুলদুল বৰকটকী, আমছুৰ উপ-সভাপতি ছাইফুদ্দিন আহমেদ, সহকাৰী সম্পাদক কুদ্দুছ আলি সৰকাৰ, সগ্ৰামী যুৱ ছাত্ৰ পৰিষদৰ সহকাৰী সাধাৰণ সম্পাদক দিব্যজ্যোতি বৰুৱা, গোৰ্খা ছাত্ৰ সন্থাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিলীপ গজুৰেল, আটছাৰ শোণিতপুৰ জিলা সমিতিৰ সাধাৰণ সম্পাদক ধীৰাজ তাঁতী, বিশ্বনাথ জিলা টাইপাৰ সভাপতি ৰাজীৱ গগৈ, সম্পাদক হেমন্ত গগৈ, যুৱ ছাত্ৰ পৰিষদৰ নিহাৰ শইকীয়াকে ধৰি বহু কেইগৰাকী নেতৃত্ববৃন্দ উপস্থিত থাকে।