আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ৰাজ্যত জাপানীজ এনকেফেলাইটিচ বেমাৰে আতংকৰ সৃষ্টি কৰাৰ সময়তেই বিহালীতো ইতিমধ্যে তিনি শিশু আক্রান্ত হৈ চিকিৎসাধীন হোৱাৰ কথা জানিব পৰা গৈছে।  

জানিব পৰা মতে ২ নং বৰজাৰণী গাৱৰ ৰুকচানা খাতুন(১০) গুটিবাৰী- ফাইৰিংবস্তিৰ খুচি দৈমাৰী (৭) আৰু মিজিকাৰ আচিছ ভূমিজ (৩) আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে৷

তাৰেই ৰুকচানা আৰু আচিছ ভূমিজ তেজপুৰ চিকিৎসা মহাবিদ্যালয়ত আৰু খুচী দৈমাৰী তেজপুৰৰ কোনোবা এখন ব্যক্তিগত চিকিত্সালয়ত চিকিৎসাধীন হৈ আছে। স্থানীয় ৰাইজ বৰ্তমানে এই জাপানীজ এনকেফেলাইটিছৰ আতংকত আতংকিত হৈ পৰিছে। 

ৰাইজে স্বাস্থ্য বিভাগক অতি শীঘ্ৰেই এই ভয়াৱহ বেমাৰৰ প্রতিৰোধ কৰাৰ ক্ষেত্ৰত যাবতীয় ব্যৱস্থা গ্রহন কৰিবলৈ চৰকাৰ তথা প্ৰশাসনক দাবী জনাইছে। ইফালে, তেজপুৰ চিকিত্সা মহাবিদ্যালয় হস্পিটেলত ইতিমধ্যে এই জাপানীজ এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈ কেইবাজনৰো মৃত্যু হৈছে বুলিও জানিব পৰা গৈছে।