আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ যোৱা কিছুদিন পূৰ্বে নলবাৰীৰ মুকালমুৱাৰ সাবাদিক ৰাজেন ডেকা, তিনিচুকীয়াৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামী, ধুবুৰীৰ সাংবাদিক ৰাজীৱ শৰ্মা, যোৰহাটৰ ৰাজীৱ বৰাক দুৰ্বৃত্তই আক্ৰমণ কৰি গুৰুত্বৰভাৱে আহত কৰাত সমগ্ৰ ৰাজ্যৰ লগতে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত বৰগাং চেন্টাৰৰ মাজ মজিয়াত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰা হয়।

দেশত দৈনিক বৃদ্ধি পাইছে ''সাংবাদিক নিগ্ৰহ'' কাণ্ড৷ জাতি, মাটি, ভেটি ৰক্ষাৰ শ্ল'গানৰে ৰাজ্যৰ শাসনৰ গাদী দখল কৰা শাসনাধিষ্ঠ চৰকাৰখনৰ দিনক দিনে বৃদ্ধি পাইছে ''সাংবাদিক নিগ্ৰহ'' ঘটনা৷ 

কাৰ্যসূচীত বিহালী জ্যেষ্ঠ নাগৰিক সন্মিলন, বিশ্বনাথ জিলা বাৰ্তাজীৱি সংঘ, বিশ্বনাথ জিলা সাংবাদিক সংস্থা, সাংবাদিক সুৰক্ষা মঞ্চ (অসম), বিহালী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলন, বিহালী আঞ্চলিক আদিবাসী ছাত্ৰ সন্থা, বিহালী আগছু, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থা, বিশ্বনাথ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থা আদিয়ে সহযোগ আগবঢ়ায়। 

অৱস্থান ধৰ্মঘটৰ মাজতেই সাংবাদিক নিগ্ৰহৰ প্ৰতিবাদত বাৰ্তাজীৱি সংঘৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি নগেন শইকীয়া, বিশ্বনাথ জিলা জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক ঠানুৰাম শৰ্মা, বিশ্বনাথ জিলা অনুসূচিত জাতি যুৱ ছাত্ৰ সন্থাৰ সভাপতি সিংহজিৎ হাজৰিকা, বিশ্বনাথ মহকুমা ছাত্ৰ সন্থাৰ উপ সভাপতি কুকিল হাজৰিকা, সমাজকৰ্মী বৈশাকু ৰয়, প্ৰেম লাল গঞ্জু, সাহিত্যিক ভুধৰ বৰা, সমাজকৰ্মী প্ৰণৱ চৌধুৰী, বিহালী আঞ্চলিক জ্যেষ্ঠ নাগৰিক সন্মিলনৰ সম্পাদক অৰুণ চাহা, আদিবাসী ছাত্ৰ সন্থাৰ বিহালী আঞ্চলিকৰ সভাপতি বিপুল তাঁতি, প্ৰাক্তন ছাত্ৰ নেতা তৰুণ দাস, বিহালী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি বীৰেন্দ্ৰ নাথ গোস্বামী, আগছুৰ বিহালী আঞ্চলিকৰ সভাপতি সঞ্জয় ৰিজালকে প্ৰমুখ্য কৰি বহুকেইজনে ঘটনাসমুহৰ একেমুখে গৰিহণা জনায়।

মঙলবাৰে বিহালী প্ৰেছ ক্লাবৰ উদ্যোগত অনুষ্ঠিত হোৱা অৱস্থান ধৰ্মঘটৰ অন্তত ৩ দফীয়া দাবী সম্বলিত স্মাৰক-পত্ৰ বিহালী খণ্ড উন্নয়ন বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰা হয়।