ডিজিটেল ডেস্কঃ পাছপ’ৰ্টৰ বাবে এতিয়াৰ পৰা প্ৰয়োজন নহয় জন্মৰ প্ৰমাণ পত্ৰ৷ সংসদত এই কথা প্ৰকাশ কৰিছে বৈদেশিক প্ৰতিমন্ত্ৰী ভি কে সিঙে৷ 

পাছপ’ৰ্ট আবেদনৰ প্ৰক্ৰিয়া উজু কৰিবলৈয়ে এই সিদ্ধান্ত গ্ৰহন কৰা হৈছে বুলি প্ৰকাশ কৰিছে মন্ত্ৰীগৰাকীয়ে৷ 

১৯৮০ চনৰ নিয়ম অনুসৰি ১৯৮৯ চনৰ ২৬ জানুৱাৰীৰ পিছত জন্ম গ্ৰহণ কৰা লোকে পাছপ’ৰ্ট আবেদন কৰিবলৈ বাধ্যতামূলক আছিল আবেদনকাৰীৰ জন্মৰ প্ৰমাণ পত্ৰ৷ 

কিন্তু নতুন নিয়ম অনুসৰি বিদ্যালয় এৰা প্ৰমাণ পত্ৰ বা হাইস্কুল শিক্ষান্তৰ প্ৰমাণ পত্ৰ, পান কাৰ্ড, আধাৰ কাৰ্ড, ভোটাৰ আইডি, ড্ৰাইভিং লাইচেঞ্চ, এলআইচি পলিচিৰ বণ্ড -এইসমূহৰ ভিতৰৰ যিকোনো প্ৰমাণপত্ৰ আবেদনকাৰীয়ে জমা দিব পাৰিব৷