আব্দুল বাৰেক, বিশ্বনাথ চাৰিআলিঃ ক্ৰমাৎ ৰাজ্যত অসম আৰু অসমীয়া জাতীয় জীৱনৰ প্ৰতি দ্বায়ৱদ্ধশীল ব্যক্তিৰ অভাৱত দিনক দিনে বৃদ্ধি পাইছে জাতীয় সংকট৷ অসম সাহিত্য সভাৰ বিশ্বনাথ জিলা সমিতিৰ সভাপতি হিৰণ্য হাজৰিকাই ছাত্ৰ-ছাত্ৰী সকলক একাগ্ৰতাৰে অধ্যয়ন কৰি এজন সু-নাগৰিক হিচাপে প্ৰতিষ্ঠা লাভ কৰি সমাজৰ হকে নিষ্ঠা আৰু দায়িত্ব সহকাৰে সেৱা আগবঢ়াই যাব লাগিব।
এই গুৰুত্বপূৰ্ণ মন্তব্য আগবঢ়াই সাহিত্য সভাৰ উদ্যোগত কুমলীয়াত অনুষ্ঠিত হোৱা এক অভিনন্দন অনুষ্ঠানত। কুমলীয়া শাখা সাহিত্য সভাৰ উদ্যোগত ২০১৯ বৰ্ষৰ হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা কৃতী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন কৰাৰ উদ্দেশ্যে কুমলীয়া হাইস্কুল প্ৰাংগনত এক অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হয়। কুমলীয়া শাখা সাহিত্য সভাৰ সভাপতি আশ্ৰফ আলিয়ে সভাৰ আসন অলংকৃত কৰা সভাখনত সভাৰ উদ্দেশ্য বাখ্যা কৰে সাধাৰণ সম্পাদক জাকিৰ হুছেইনে।
অনুষ্ঠানটোৱে বৃহত্তৰ কুমলীয়া অঞ্চলৰ এঘাৰ গৰাকীকৈ ছাত্ৰ-ছাত্ৰীক এখনকৈ ফুলাম গামোচা, এখনকৈ কিতাপ আৰু একোখনকৈ মানপত্ৰৰে অভিনন্দন জ্ঞাপন কৰে। অভিনন্দন অনুষ্ঠানটোত আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ছাইফুদ্দিন আহমেদে ভাষন প্ৰসংগত কয় যে ছাত্ৰ-ছাত্ৰীসকলে ধৈৰ্য্য আৰু একাগ্ৰতাৰে অধ্যয়ন কৰিলে অসম্ভৱো সম্ভৱ কৰি তুলিব পাৰি।
লগতে ছাত্ৰ-ছাত্ৰীয়ে সন্মুখীন হোৱা যিকোনো সমস্যা সমাধানৰ ক্ষেত্ৰত বিশেষভাৱে প্ৰয়োজনীয় সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে। ঠিক একেদৰে সমাজ কৰ্মী হেমন্ত শইকীয়াই ছাত্ৰ-ছাত্ৰীৰ গুণগত শিক্ষাৰ মানদণ্ড উন্নত কৰিব লাগিব বুলি ভাষন প্ৰসংগত উল্লেখ কৰে। ইফালে, দেওবাৰে এই সভাত বিশিষ্ট সমাজ কৰ্মী ধ্ৰুৱজ্যোতি ৰাজখোৱা, বিশ্বনাথ জিলা আমছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক জেহিৰুল ইছলাম, বিশ্বনাথ জিলা আমছুৰ সভাপতি মাহমুদুল হাছান, যুৱ ছাত্ৰ পৰিষদৰ বিশ্বনাথ জিলা সমিতিৰ উপদেষ্টা নাছিৰ আহমেদ, সাংবাদিক আব্দুল বাৰেক, সাহিত্য সভাৰ নুৰ হুছেইন, আজেন আলি, শিক্ষক মুৰ্তাজ আলি, ছাইদুল ইছলাম, শ্যাম বৈষ্ণেদ, শিক্ষক তথা সাহিত্য সভাৰ সুৰহক আলি, চৰ-চাপৰি সাহিত্য সভাৰ সুৰহাফ আলি, কুমলীয়া শাখা সাহিত্য সভাৰ সম্পাদিকা ৰেহেনা খাতুন, উপ-সভাপতিদ্বয় ছাইফুল ইছলাম, ছফিকুল ইছলাম,সহকাৰী সম্পাদক ইমামুল ইছলাম, সাংগঠনিক সম্পাদক ইব্ৰাহীম আলি, সদস্যা গংগামায়া দেৱী, লুতফুৰ ৰহমান, জিয়াবুৰ ৰহমান, নিজামুদ্দিন আহমেদকে ধৰি বহু কেইগৰাকী গণ্য মান্য ব্যক্তিৰ লগতে অৰ্ধশতাধিক ৰাইজ আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে।