newsnextone.com | ডিজিটেল ডেস্কঃ হিন্দী চলচ্চিত্ৰ জগত খন বলীউড হিচাপেই পৰিচিত৷ কিন্ত এই নামটোক লৈও আপত্তি আছে বহুতৰে৷ হিন্দী চলচ্চিত্ৰ জগতখনত বলীউড বুলি নকৈ আন নামৰে সম্বেধিত কৰাৰ প্ৰয়োজনীয়তা অনুভৱ কৰে বহুতেই৷ 

পূৰ্বে যশস্বী পৰিচালক সুভাষ ঘাইয়ে এই নামক আপত্তি দৰ্শোৱাৰ পিছত এইবাৰ বলীউড নামক লৈ আপত্তি দৰ্শাইছে বিজেপিৰ সাধাৰণ সম্পাদক তথা পশ্চি বংগৰ দায়িত্বপ্ৰাপ্ত কৈলাশ বিজয়বৰ্গীয়ই৷ শনিবাৰে এক সাক্ষাতকাৰত বিজেপি নেতাগৰাকীয়ে বলীউড নামটো সলোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰে৷ 

তেওঁ এই বিষয়ে অতি শীঘ্ৰেই কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়ক পত্ৰযোগে এই নাম ব্যৱহাৰ নকৰিবলৈ আবেদন কৰিব বুলিও মন্তব্য কৰে৷

উল্লেখ্য যে হিন্দী ছবিজগতক বলীউড সম্বোধন কৰাৰ কৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ছচিয়েল মিজিয়াত ‘ডন্ট কল ইট বলীউড’ বুলি দাবী উত্থপান কৰিছিল পৰিচালক-প্ৰযোজক সুভাষ ঘাইয়ে৷ সেই দাবীৰ মান্যতা লৈয়ে সুভাষ ঘাইয়ে সম্প্ৰতি বিজেপিৰ নেতা বজয়বৰ্গীয়ক সাধাত কৰে৷ 

সংবাদ মাধ্যমক প্ৰদান কৰা এক সাক্ষাতকাৰত বিজয়বৰ্গীয়ই কয়, ‘সুভাষ ঘাইয়ে বিজেপিৰ মুখ্য কাৰ্যালয়ত মোক সাক্ষাৎ কৰিছিল৷ তেতিয়াই মই জানিব পাৰো হিন্দী ছবি জগতক বলীউড নামতে প্ৰকৃততে বিবিচিয়ে দিছিল৷ কাৰণ, হিন্দী ছবিসমূহ চাই হলীউডৰ নকল কৰা যেন লাগিছিল৷ আৰু আমি পিছলৈ সেই নামেই গ্ৰহণো কৰিলো৷ কিন্তু এয়া চলি থাকিব দিব নোৱাৰি৷’

তেওঁ পুনৰ কয়, ‘হিন্দী, বাংলা, বা ভোজপুৰী ফিল্ম ইণ্ডাষ্ট্ৰীৰ ধৰণে নাম হোৱা উচিত৷ অন্যৰ পৰা চুৰি কৰা ধৰণৰ নহয়৷’ আনহাতে সত্যজিত ৰায় আৰু দাদা চাহেব ফাল্কেৰ প্ৰসংগ উল্লেখ কৰি বিজেপি নেতাগৰাকীয়ে কয়, ‘সেই সময়ত চিনেমাৰ ব্যৱসায়ে বিলিয়নৰ ঘৰ স্পৰ্শ কৰিছিল৷তাৰ বাবে ইংৰাজী ছবিৰ নকল কৰাৰ প্ৰয়োজন নাছিল৷’

এই বিষয়ক লৈ বিজেপি নেতা বিজয়বৰ্গীয়ই শীঘ্ৰে কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয়লৈ পত্ৰ প্ৰেৰণ কৰিব বুলিও জানিবলৈ দিয়ে৷ ইফালে সুভাষ ঘাইয়ে নিজেও এই নাম অসন্তুষ্টিৰ বিষয়ক লৈ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰণালয় মন্ত্ৰী ৰাজ্যবৰ্ধন ৰাথোৰক সাক্ষাত কৰা বুলি জানিব পৰা গৈছে৷