ANI
anitwitter

newsnextone.com | ডিজিটেল ডেস্কঃ জনতাৰ চৰকাৰ খ্যাত বিজেপি এতিয়া ক্ষমতাৰ ৰোগত আক্ৰান্ত হৈছে৷ প্ৰতিদিনে এজন নগয় এজন বিজেপি নেতা-মন্ত্ৰীয়ে বিতৰ্কিত মন্তব্য অথৱা সমাজ বিৰোধী কাৰ্যকলাপ সংঘটিত কৰি বাতৰিৰ শিৰোনামা দখল কৰা পৰিলক্ষিত হৈ আহিছে৷ ক্ষমতাই মূৰত ধৰা বিজোপি এতিয়া নিজেই সৰ্বে সৰ্বা বুলি জনতাই অভিযোগ উত্থাপন কৰিবলৈ আৰম্ভ কৰিছে৷

মধ্য প্ৰদেশৰ বিজেপিৰ জ্যেষ্ঠ নেতা জগন্নাথ সিং ৰঘুবংশীৰ এটা ভিডিঅ’ পোহৰলৈ অহাৰ পিছতে বিজেপি বিতৰ্কই আকৌ এবাৰ বাতৰিৰ শিৰোনামা দখল কৰে৷ বিজেপিৰ নেতাগৰাকীয়ে বিদ্যুত বিভাগৰ চৰকাৰী কৰ্মচাৰীৰ ওপৰত দেখুওৱা ক্ষমতাই এতিয়া সাধাৰণ জনতাক বিজেপিৰ কৰ্মকাণ্ডৰ সৈতে পুনৰ এবাৰ পৰিচয় কৰাই দিয়ে৷

ভাইৰেল হোৱা ভিডিঅ’টোত বিজেপিৰ নেতা জগন্নাথে বিদ্যুৎ বিভাগৰ এগৰাকী কৰ্মচাৰীক ধমকি দিয়া দেখিবলৈ পোৱা গৈছে৷ খঙত অগ্নিশৰ্মা হৈ থকা বিজেপি নেতাগৰাকীয়ে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী এজনক কৈছে, ‘মোৰ কাৰণে ইয়াত থাকিবলৈ পাইছিলি৷ তোৰ মুখ কেতিয়াবাই ক’লা কৰি দিলোহেতেন৷ জোতাৰে কোবাম তোক৷’

জানিব পৰা মতে, বিদ্যুৎ বিল পৰিশোধ নকৰাৰ বাবে বিজেপি নেতাগৰাকীৰ গৃহৰ বিদ্যুৎ সংযোগ কাটি দিয়ে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী৷ তাৰ পিছতেই বিজেপিৰ তথাকথিত জ্যেষ্ঠ নেতাগৰাকীয়ে বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কেইজনৰ সৈতে তৰ্কত লিপ্ত হয়৷

ক্ষমতাৰ বল দেখুৱাই বিদ্যুৎ বিভাগৰ কৰ্মচাৰী কেইজনক ধমকি দিয়াৰ লগতে অাশ্ৰৱ্য ভাষাৰে গালি গালাজ আৰম্ভ কৰে৷ আনকি ক্ষমতাৰ বলেৰে বিদ্যুৎ কৰ্মচাৰী কেইজনক চাকৰিৰ পৰা নিলম্বন কৰাৰো ধমকি দিয়ে বিজেপিৰ নেতাগৰাকীয়ে৷