newsnextone.com | ডিজিটেল ডেস্কঃ মধ্যপ্ৰদেশৰ বাগলী বিধানসভাসমষ্টিৰ বিজেপি বিধায়ক চম্পালাল দেৱড়াই বৃহস্পতিবাৰে নিশা দেৱাস জিলাৰ উদয়নগৰ আৰক্ষী থানাৰ কৰ্তব্যৰত আৰক্ষী কনিষ্টবল এগৰাকীক প্ৰহাৰ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷
জানিব পৰা মতে, বিধায়ক চম্পালাল দেৱড়াই কেইগৰাকীমান সমৰ্থকৰ সৈতে থানাত উপস্থিত হৈ এই কাৰ্য সংঘটিত কৰে৷ আনহাতে শুকুৰবাৰে দেৱড়া আৰু তেওঁৰ সহযোগীসকলৰ বিৰুদ্ধে শাসকীয় কাৰ্যত বাধা প্ৰদান কৰা আৰু মাৰপিট কাণ্ড সংঘটিত কৰাৰ গোচৰ ৰুজু কৰা হয়৷
জানিব পৰা মতে, বিধায়ক দেৱড়াৰ পুত্ৰই উদয়নগৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সন্তোস ইবনাটিৰ সৈতে কাজিয়াত লিপ্ত হৈছিল৷ এই ঘটনাৰ বিষয়ে জানিব পাৰি দেৱড়াই আৰক্ষী থানাত গৈ সন্তোসক ৩টা চৰ শোধায়৷ আনহাতে তেওঁৰ লগত যোৱা সমৰ্থকসকলেও মাৰপিট কৰে৷ এই সমস্ত মাৰপিট কাণ্ড থানাত থকা চিচিটিভি কেমেৰাত ৰেকৰ্ড হৈ যায়৷
ঘটনা সন্দৰ্ভত দেৱাস জিলা বিজেপিৰ প্ৰবক্তা শম্ভূ আগৰৱালে কয়, ‘এই ঘটনাৰ নিৰপেক্ষ তদন্ত কৰা হোৱাৰ পিছতে দোষী কোন জানিব পৰা যাব৷ বিধায়কগৰাকীৰ কোনো পুৰণা অভিযোগ নাই যে যাৰ দ্বাৰা বিধায়কগৰাকীৰ বিৰুদ্ধে মত দিব পাৰি৷ তেওঁ সমাজত সহজ সৰল ব্যক্তি হিচাপেই পৰিচিত৷’
আনহাতে বিধায়ক চম্পালাল দেৱড়াই নিজৰ সপক্ষে মন্তব্য কৰি কয়, ‘উদয়নগৰত মেলা চলি আছিল৷ কেইগৰাকীমান সন্দেহজনক লোক মেলাত তহল দিয়া পৰিলক্ষিত হয়৷ মই এই বিষয়ে মোৰ পুত্ৰক থানাত খবৰ দিবলৈ পঠাইছিলো৷ কিন্তু আৰক্ষীয়ে মোৰ পুত্ৰকহে মাৰপিট কৰে৷’