গুৱাহাটীঃ বুধবাৰে সন্ধিয়া মহানগৰীৰ জু-ৰোডত সংঘটিত বোমা বিস্ফোৰণৰ পাছত মহানগৰ আৰক্ষী আৰু অপৰাধ শাখাই এগৰাকী অভিনেত্ৰীক আটক কৰিছে। পাঞ্জাবাৰীৰ নামঘৰ পথৰ ভাৰাঘৰৰ পৰা জাহ্নৱী শইকীয়া নামৰ যুৱতীগৰাকীক আৰক্ষীয়ে আটক কৰাৰ লগতে এটা ৯ এমএম পিষ্টল, ৩৫ ৰাউণ্ড সজীৱ গুলী, আপত্তিজনক নথি-পত্ৰ, আইইডি নিৰ্মাণত ব্যৱহৃত ৭০ কেজি বিস্ফোৰক, গ্ৰেনেড আৰু আলফা স্বাধীনৰ পতাকা জব্দ কৰে।

গোপন তথ্যৰ ভিত্তিত আৰক্ষীয়ে অসমীয়া টিভি ধাৰাবাহিকত অভিনয় কৰা শিৱসাগৰৰ জাহ্নৱীৰ ভাৰাঘৰত তালাচী চলায়। ভাৰাঘৰটোত যুৱতীগৰাকীয়ে ১০ দিনৰপৰা থাকিবলৈ লৈছিল।

চৰকাৰী সূত্ৰ মতে আলোচনাপন্থী আলফা নেতা প্ৰণাময় ৰাজগুৰুৱে জাহ্নৱীৰ ঘৰলৈ প্ৰায়ে অহা-যোৱা কৰি থাকে।

উল্লেখ্য যে বুধবাৰে সন্ধিয়া ৭ঃ৪৫ বজাত জু-ৰোডত সংঘটিত এক গ্ৰেনেড বিস্ফোৰণত ১২ জন লোক আহত হৈছিল।