গুৱাহাটীঃ ১ জুলাইৰ পৰা সমগ্ৰ দেশতে প্ৰযোজ্য হোৱা জি এছ টিয়ে সামৰি লৈছে চেনিটেৰী নেপকিনকো৷ কেৱল সামৰি লোৱাই নহয়, মহিলাৰ সু-স্বাস্থ্যৰ বাবে অপৰিহাৰ্য এই সামগ্ৰীবিধক অন্তৰ্ভূক্ত কৰা হৈছে বিলাসী সামগ্ৰীৰ তালিকাত৷ চৰকাৰৰ এনে হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সমগ্ৰ দেশৰ লগতে অসমতো তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ভাৰতৰ ছাত্ৰ ফেডাৰেশ্যন চমুকৈ এছ এফ আইয়ে৷
উল্লেখ্য যে, সমাজ বিজ্ঞানৰ আন্তঃৰাষ্টীয় গৱেষণা আলোচনীত প্ৰকাশিত এ চি লিচেনৰ এক অধ্যয়ন অনুসৰি যিসকল মহিলাই চেনিটাৰী পেড ব্যৱহাৰ কৰে তেওঁলোকৰ তুলনাত চেনিটাৰী পেড ব্যৱহাৰ নকৰা সকলৰ Reproductive Tract Infection (RTI) হোৱাৰ সম্ভাৱনা ৭০% বৃদ্ধি পায় ৷ এই অধ্যয়নত জড়িত থকা স্ত্ৰীৰোগ বিশেষজ্ঞসকলৰ মতে Tampon-ৰ ব্যৱহাৰে গ্ৰৈব কেঞ্চাৰ (Cervical Cancer) আৰু বিভিন্ন যৌনা ৰোগ হোৱাৰ সম্ভাৱনা হ্ৰাস কৰে৷
কিন্তু ভাৰতীয় মহিলাসকলৰ ঋতুস্ৰাৱ সম্বন্ধীয় স্বাস্থ্যৰ বাস্তৱ পটভূমি অতি দুঃখজনক৷ সেই একেই গৱেষণা অনুসৰি ১২% মহিলাই ঋতুস্ৰাৱৰ সময়ত চেনিটাৰী নেপকিন ব্যৱহাৰ কৰে ৷ ৮৮% মহিলাই বিকল্প অস্বাস্থ্যকৰ পথ যেনে অপৰিস্কাৰ কাপোৰ, ছাই বা তুঁহ বালি ব্যৱহাৰ কৰে ৷ ইয়াৰ ফলস্বৰূপে তেওঁলোকৰ উৰ্বৰ ক্ষমতা ৩১% কমি যায়৷ লগতে তেওঁলোকে গড়ে ২.২ দিন কৰ্মস্থলীত উপস্থিত থকাৰ পৰা বিৰত থাকে৷
উত্তৰ ভাৰতত প্ৰায় ৩০% ছাত্ৰীয়ে মাহেকীয়া ঋতুস্ৰাৱ হোৱাৰ পাছত স্কুল যোৱা বন্ধ কৰে, কাৰণ তেওঁলোকৰ পৰ্যাপ্ত চেনিটাৰী সামগ্ৰী নাথাকে৷ ৮৩% ছাত্ৰীয়ে কয় যে তেওঁলোকৰ পৰিয়ালৰ চেনিটাৰী পেড ক্ৰয় কৰাৰ ক্ষমতা নাই৷ তাৰ উপৰি কিছুমান সামাজিক বাধা-নিষেধ আছে যাৰ বাবে মাহেকীয়াৰ বিষয়ে আৰু মাহেকীয়াৰ দিনকেইটাত পৱিত্ৰতা-অপৱিত্ৰতা আদিৰ কাৰণ দৰ্শাই মুক্ত বিচৰণত প্ৰতিবন্ধকতা সৃষ্টি কৰা হয়৷
এই কাৰণসমূহৰ ওপৰত এই কৰ বৃদ্ধিয়ে এতিয়া বহু ছোৱালী আৰু মহিলাক এটা সুস্থ জীৱনৰ পৰা বঞ্চিত কৰিব৷ এনে পৰিপেক্ষিতত চেনিটাৰী নেপকিনৰ ওপৰত আৰোপ কৰা ১২% জি এছ টি অতিশীঘ্ৰে প্ৰত্যাহাৰৰ দাবীত এছ এফ আইয়ে ১১ জুলাইৰ পৰা কেন্দ্ৰৰ উক্ত অসংবেদনশীল কাৰ্যৰ বিৰুদ্ধে দেশজোৰা "Bleed without fear, Bleed without Tax" শীৰ্ষক প্ৰতিবাদী কাৰ্যসূচী আৰম্ভ কৰিছে৷
এই কাৰ্যসূচীৰ অন্তত দেশৰ ছাত্ৰীসকলে চেনিটাৰী পেডত নিম্নলিখিত দাবী লিখি কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীলৈ প্ৰেৰণ কৰিব৷ এই প্ৰতিবাদী কাৰ্যসূচীৰ জৰিয়তে, প্ৰতিখন শিক্ষানুষ্ঠানত চেনিটাৰী নেপকিনৰ পেড ভেণ্ডিং মেচিন স্থাপন কৰিবলৈকো দাবী জনাইছে ছাত্ৰ সংগঠনটোৱে৷ আনহাতে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীসকলক এটকাত ছয় পেকেট চেনিটাৰী নেপকিন যোগান ধৰাৰ ব্যৱস্থা কৰিবলৈকো সংগঠনটোৱে দাবী জনাইছে৷