newsnextone.com | ডিজিটেল ডেস্কঃ পাটনাৰ এনআইএৰ বিশেষ আদালতে শুকুৰবাৰে ২০১৩ চনত বোধগয়া চিৰিয়েল বোমা বিস্ফোৰণ কাণ্ডত জড়িত ৫ গৰাকী ভাৰতীয় মুজাহিদিন সন্ত্ৰাসবাদীক দোষী সাব্যস্ত কৰে৷ ২০১৩ চনৰ বোমা বিস্ফোৰণত এগৰাকী তীব্বতি বৌদ্ধ বিক্ষুক আৰু এগৰাকী পৰ্যটক নিহত হৈছিল৷

ন্যায়াধীশ মনোজ কুমাৰে বোধগয়াত এটি বৌদ্ধ মন্দিৰত ৭ জুলাই, ২০১৩ত সংঘটিত হোৱা বোমা বিস্ফোৰণ কাণ্ডৰ সৈতে জড়িত ভাৰতীয় মুজাহিদীনৰ হাইদৰ আলি ওৰফে ব্লেক বিউটি, ইমতিয়াজ আনচাৰী, ওমৰ চিদ্দিকী, আজাহৰুদ্দিন কুৰেশ্বি আৰু মুজিবুল্লাহ আনচাৰি নামৰ সন্ত্ৰাসবাদী কেইজনক দোষী সাব্যস্ত কৰে৷ অভিযুক্তসকলক আদালতে ৩১ মে’ বৃহস্পতিবাৰে শাস্তি ঘোষণা কৰিব৷

পাটনা চিভিল আদালতত ২০১৩ চনত গঠিত এনআইএ আদালতৰ এয়া প্ৰথম সিদ্ধান্ত৷ উল্লেখ যে, বোধগয়া বিস্ফোৰণৰ শুনালনিত আদালতে ৯০ গৰাকী সাক্ষ্য হাজিৰ কৰিছিল৷ বিশেষ ন্যায়াধীশে ২০১৮ চনৰ ১১ মে’ত দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ পিছত ২৫ মে’ত সিদ্ধান্ত গ্ৰহণ কৰে৷ বোমা বিস্ফোৰণৰ মাষ্টাৰ মাইণ্ড হাইদৰ আলি আছিল বুলি আদালতত নিশ্চিত হয়৷

আনহাতে অভিযুক্তসকলৰ মাজত ইমতিয়াজ অানচাৰী, ওমৰ চিদ্দিকী, আজহাৰুদ্দিন কুৰেশ্বী আৰু মুজিবুল্লাহ আনচাৰীও আছে৷ এই সন্ত্ৰাসবাদী কেইজন পাটনাৰ বেউৰ কাৰাগৰত বন্দী দীৱন কটাই আছে৷ ২৭ অক্টোবৰ ২০১৩ত গান্ধী ময়দান সংঘটিত হোৱা বোমা বিস্ফোৰণতো এই সন্ত্ৰাসবাদী কেইজনেই অভিযুক্ত৷