♦ জালনোট প্ৰস্তুত কৰা অত্যাধুনিক মেচিন জব্দ, ৪ জনক আটক
প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ চুবুৰীয়া ৰাজ্য নগালেণ্ডৰ গাতে লাগি থকা বোকাজান নগৰত মঙলবাৰে সন্ধিয়া বুজন পৰিমাণৰ জালনোট উদ্ধাৰ কৰি বৃহৎ সফলতা লাভ কৰে বোকাজান আৰক্ষীয়ে৷
বিৱৰণী অনুসৰি বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৰ নেতৃত্বত তথা বোকাজান আৰক্ষী আৰু খটখটি আৰক্ষীৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ক্ৰমে ডিম্বেশ্বৰ ঠাকুৰীয়া আৰু হাওকাম ছাংছানৰ সহযোগত এক গোপন সূত্ৰ পম খেদি চলোৱা যুটীয়া অভিযানত অতি কৌশলগতভাৱে এনএল ০৭ আৰ ৯৪৯৬ নম্বৰৰ এখন স্কুটিৰ ডিকিত ৮ লাখ টকাৰ জাল নোট লৈ দুজন লোকে কোনো অজ্ঞাত গ্ৰাহকক বিক্ৰী কৰিবলৈ আহিছিল যদিও অসামৰিক পোছাকত থকা বোকাজান মহকুমাৰ মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে নিজৰ গাড়ীৰ দুৱাৰ খুলি দুই স্কুটি আৰোহীক আঘাট কৰাত পৰি যায় আৰু লগে লগে জালনোট সৰবৰাহকাৰী দুই ব্যক্তিক আৰক্ষীয়ে কৰায়ক্ত কৰে৷
ইপিনে এএছ ০৯ চি ৬৪৯৬ নম্বৰৰ এখন অট'ৰিক্সাত উঠি উক্ত জালনোট লেনদেনৰ সমগ্ৰ প্ৰক্ৰিয়াটোক চোৰাংচোৱাগিৰি কৰি থকা আন দুজন জালনোট সৰবৰাহকাৰীৰ সৈতে থকা এজেণ্টকো ফুলবাৰী অঞ্চলৰপৰা অট'ৰিক্সাসহ আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷
জালনোটসহ আৰক্ষীয়ে আটক কৰা লোককেইজন হৈছে ক্ৰমে কৰিমগঞ্জ জিলাৰ কৰিমগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত নায়াৰগ্ৰাম গাঁৱৰ বাসিন্দা প্ৰয়াত টছয় মিঞাৰ পুত্ৰ আব্দুল মানিক (৪৮), হোজাই জিলাৰ মোৰাঝাৰ আৰক্ষী থানাৰ অন্তৰ্গত জয়নগৰ গাঁৱৰ বাসিন্দা মাখন্দ আলীৰ পুত্ৰ তাজ উদ্দিন (২৫), ওদালগুৰি জিলাৰ মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত মাজবাট গাঁৱৰ বাসিন্দা প্ৰয়াত ছেমাচন গয়াৰীৰ পুত্ৰ জেমছ গয়াৰী (৪২) আৰু নগালেণ্ডৰ টুৱেনচাং আৰক্ষী থানাৰ অন্তৰ্গত কিউথ'কিউৰ গাঁৱৰ বাসিন্দা প্ৰয়াত আট' য়ামচুংয়াৰ পত্নী কিখিমলা য়ামচুষাড় (৩৮)৷
উল্লেখ্য যে আটকাধীন এই চাৰি জালনোট সৰবৰাহকাৰীক বোকাজান আৰক্ষী থানাত আৰক্ষীয়ে উপৰ্যুপৰি জেৰা চলোৱাৰ পাছতে পুনৰ মহকুমা আৰক্ষীগৰাকীয়ে আটকাধীন জেমছ গয়াৰীক লগত লৈ বোকাজান নগৰৰ ২ নং ৱাৰ্ডৰ পশ্চিম ঘৰিয়ালডুবিত জনৈক চেতিয়া উপাধিৰ এগৰাকী লোকৰ ঘৰত ভাড়াতীয়া হিচাপে থকা আটকাধীন জেমছ গয়াৰীৰ ঘৰত অভিযান চলায়৷ এই অভিযান কালত বোকাজান আৰক্ষীয়ে জালনোট প্ৰস্তুত কৰা বহু অত্যাধুনিক মেচিনসহ ২ লাখ ১৬ হাজাৰ ৩৫০ টকাৰ জালনোট উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷
আজিৰ এই সমগ্ৰ অভিযান কালত আৰক্ষীয়ে মুঠ ১০ লাখ ১৬ হাজাৰ ৩৫০ টকা জালনোট উদ্ধাৰ কৰাৰ লগতে আটকাধীন জেমছ গয়াৰীৰ ভাড়াতীয়া ঘৰৰপৰা এটা কম্পিটাৰ ছেট, এটা জেৰক্স মেচিন, এটা লেমনেশ্যন মেচিন, এটা স্কেনাৰ মেচিন, জালনোট বনোৱা কাগজ, চিয়াঁহি, কাটাৰ, পাঁচটা ম'বাইল হেণ্ডছেটসহ বহু আপত্তিজনক জালনোট বনোৱা সঁজুলি তথা নথি-পত্ৰ জব্দ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে আটকাধীন জেমছ গয়াৰীয়ে উক্ত ভাড়া ঘৰত থাকিয়ে বৰ্তমানলৈকে তিনিবাৰত বৃহৎ পৰিমাণৰ জালনোট গ্ৰাহকক বিক্ৰী কৰিছে বুলি মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে জানিবলৈ দিয়ে৷
অসম-নগালেণ্ড আন্তঃৰাজ্যিক সীমান্তৱৰ্তী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বোকাজান মহকুমাৰ মাজেদি যোৱা ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথটোক অসাধু কাৰ্যকলাপত জড়িত এচাম লোকে কৰিড’ৰ হিচাবে ব্যৱহাৰ কৰি অহাৰ অভিযোগ বহু পুৰণি আৰু ইয়াৰ সুযোগ লৈয়ে বোকাজানতো বিভিন্ন প্ৰান্তৰপৰা অহা লোকে ভাড়াতীয়া হিচাপে থাকি বহু অনৈতিক কাৰ্যকলাপ চলাই যোৱাৰ সুবিধা লাভ কৰিছে৷
আজি আৰক্ষীয়ে জালনোটসহ জালনোট বনোৱা বিভিন্ন সঁজুলি উদ্ধাৰৰ লগতে বৃহৎ ঘাটি উৎখাত কৰা ঘটনাই বোকাজানবাসীৰ মাজত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰাৰ লগতে বোকাজান মহকুমা আৰক্ষীৰ এনে সফলতাৰ ভূয়সী প্ৰশংসা কৰে৷
উল্লেখ্য যে আজি উদ্ধাৰ কৰা ১০ লাখ ১৬ হাজাৰ ৩৫০ টকা জালনোটত ৫০ টকাৰ ২০ টা বাণ্ডোল, ১০০ টকাৰ ১২ টা বাণ্ডোল, ২০০ টকাৰ ১৮ টা বাণ্ডোল আৰু ৫০০ টকাৰ ৮ টা বাণ্ডোল আছিল বুলি মহকুমা আৰক্ষী বিষয়া পদ্ম কুমাৰ পেগুৱে জানিবলৈ দিয়ে৷