প্ৰাণদ্বীপ চেতিয়া, কাৰ্বি আংলংঃ সমগ্ৰ ৰাজ্যৰ ৰাষ্ট্ৰীয় ঘাইপথসমূহৰ বৰ্তমানৰ তথৈবচ অৱস্থা দেখি সাধাৰণ জনতাই এতিয়া মূৰে-কপালে হাত দিবলগীয়া হৈছে৷ বিশেষকৈ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ মাজেদি যোৱা ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাৰ তথৈবচ অৱস্থাৰ বাবে ঘাইপথ দুটাত প্ৰায় প্ৰতিদিনেই দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰিছে৷

গাড়ী চালক তথা যাত্ৰীসকলে বহু কষ্টৰে গন্তব্য স্থানলৈ যাত্ৰা কৰিবলগীয়া হোৱা অৱস্থাই বাৰুকৈয়ে জ্বলা-ক’লা খোৱাইছে সাধাৰণ জনতাক৷ জিলাখনৰ অতি ভিতৰুৱা অঞ্চলৰ দুৰ্গম পথকো পিছ পেলাইছে এই ৰাষ্ট্ৰীয় ঘাইপথ দুটাই৷

বিভিন্ন ছাত্ৰ সংগঠন, সামাজিক সংগঠন তথা স্থানীয় ৰাইজে ঘাইপথ দুটাৰ মেৰামতি তথা পুনৰ নিৰ্মাণৰ বাবে বিভিন্ন সময়ত বহু আন্দোলন কৰি আহিছে যদিও সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপি শাসিত ৰাজ্যিক চৰকাৰখনে বিগত তিনি বছৰত কেৱল কথাৰ ফুলজাৰিৰ বাহিৰে যেন একো নকৰিলে।

বাৰিষা কালত প্ৰকাণ্ড পুখুৰী সদৃশ গাঁতসমূহৰ বাবে কোনো যান-বাহন চলাচল কৰিব নোৱৰা হৈছে অথবা নিতৌ সৰু-ডাঙৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে।

বিদ্যালয়ৰ কণ-কণ ছাত্ৰ-ছাত্ৰীসকলেও ৰাজপথলৈ ওলাই আহি প্ৰতিবাদ কৰিবলৈ বাধ্য হৈ পৰিছে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী, অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে বিজেপিৰ শাসন কালত দেশৰ সৰ্বস্তৰত উন্নয়নৰ কথাৰ ফুলজাৰি মাৰিলেও পাহাৰীয়া জিলাখনৰ ৩৯ নং আৰু ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথ দুটাই উদঙাই দিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ৷

মুঠৰ ওপৰত মৰণফান্দলৈ পৰিণত হৈছে এই ৰাষ্ট্ৰীয় ঘাইপথ দুটা৷ প্ৰতিদিনেই সাধাৰণ ৰাইজৰ লগতে বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰী-ছাত্ৰী, চৰকাৰী-বেচৰকাৰী অনুষ্ঠানৰ কৰ্মচাৰী তথা সাধাৰণ জনতাই উক্ত পথ দুটাই অহা-যোৱা কৰাটো এক বৃহৎ প্ৰত্যাহ্বানৰূপে বিবেচিত হৈছে৷

নগাঁৱৰপৰা চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ ডিমাপুৰৰ দিশে যোৱা ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটোত বোকাজান মহকুমাৰ ডিলাই অঞ্চলত শুকুৰবাৰে পুনৰ এখন মালবাহী ট্ৰাক প্ৰকাণ্ড গাঁতত পৰি নিয়ন্ত্ৰণ হেৰুৱাই পথত বাগৰি পৰাত কেইবা ঘণ্টাৰ বাবে ৰাষ্ট্ৰীয় ঘাইপথটোত যান-বাহনৰ চলাচল সম্পূৰ্ণৰূপে ব্যাহত হৈ পথটোৰ দুয়ো দিশে শতাধিক গাড়ী আবদ্ধ হৈ পৰে৷

ঘটনাস্থলীত উপস্থিত গাড়ীৰ চালক তথা ভুক্তভোগী স্থানীয় ৰাইজে অতি ক্ষোভেৰে কয় যে নামনি অসমৰ লগতে নাগালেণ্ড, মণিপুৰ সংযোগী উক্ত ৩৬ নং ৰাষ্ট্ৰীয় ঘাইপথটো বিগত প্ৰায় পাঁচ-দহ বছৰৰ অধিক সময় কোনো এখন চৰকাৰে মেৰামতি তথা পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত কোনো ব্যৱস্থা গ্ৰহণ নকৰিলে৷

পথটোৰে চলাচল কৰা গাড়ীসমূহ দুৰ্ঘটনাত পতিত হোৱাৰ লগতে বিভিন্ন সময়ত গাড়ীৰ যন্ত্ৰাংশ ভাঙি যোৱাত চালক তথা যাত্ৰীসকল বহু বিপদৰ সন্মুখীন হ’বলগীয়া হৈছে৷ ঘাইপথটোৰ মেৰামতিৰ নামত মাজে সময়ে গড়কপ্তানি বিভাগে বৃহৎ গাঁতসমূহত সামান্য শিল-মাটি ছতিওৱা কাৰ্য প্ৰসহনতহে পৰিণত হৈ আহিছে বুলি কয় ভুক্তভোগী ৰাইজে৷

যমৰ যাতনা ভুগি অহা স্থানীয় ৰাইজ তথা বিভিন্ন দল-সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথটোৰ পুনৰ নিৰ্মাণৰ বাবে বাৰম্বাৰ স্থানীয় জনপ্ৰতিনিধি সকলক সাক্ষাৎ কৰি ব্যৱস্থা গ্ৰহণৰ দাবী জনাই আহিছে যদিও এই ক্ষেত্ৰত কংগ্ৰেছ তথা বিজেপি দুয়োখন চৰকাৰেই চকু মুদা কুলিৰ ভাও ধৰাহে পৰিলক্ষিত হৈছে বুলি স্থানীয় ৰাইজে অতি ক্ষোভেৰে কয়৷

অন্যহাতে বিভিন্ন ছাত্ৰ তথা সামাজিক সংগঠনে ৰাষ্ট্ৰীয় ঘাইপথটোৰ নিৰ্মাণৰ দাবীত ধাৰাবাহিক আন্দোলন অব্যাহত ৰাখিছে যদিও বৰ্তমানলৈকেও গা লৰা নাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ৷ শেহতীয়াকৈ এই বাৰিষাৰ সময়ত ঘাইপথটো যাতায়াতৰ বাবে অধিক বিপদজনক হৈ পৰাৰ ফলত পথটোৰ দুৰৱস্থাৰ বাবে সঘনাই সৰু-বৰ দুৰ্ঘটনাও সংঘটিত হৈ আহিছে৷ 

উন্নয়নৰ শ্ল'গান তথা পৰিৱৰ্তনৰ কথাৰ ফুলজাৰি মৰা বিজেপি চৰকাৰ তথা জনপ্ৰতিনিধিসকলে ইমানৰ পাছতো এই ৰাষ্ট্ৰীয় ঘাইপথটো পুনৰ নিৰ্মাণৰ ক্ষেত্ৰত বাস্তৱ তথা ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিবনে সেয়া এতিয়া লক্ষণীয় বিষয় হৈ পৰিছে৷

পৰিৱৰ্তনৰ শ্ল'গানেৰে ৰাজ্য তথা কেন্দ্ৰৰ শাসনৰ গাদী দখল কৰা বিজেপি নেতৃত্বাধীন ৰাজ্যিক তথা কেন্দ্ৰীয় চৰকাৰখনে সাধাৰণ জনতাক দেখুওৱা উন্নয়নৰ সপোনবোৰ বাস্তৱত ৰূপায়িত হ’বলৈ ৰাজ্যবাসীয়ে আৰু কিমান দিনলৈ অপেক্ষা কৰিব লাগিব সেয়া এতিয়া সময়েহে নিৰ্দ্ধৰণ কৰিব৷