দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ মাদক দ্ৰব্যৰ বিৰুদ্বে দেওবাৰে সৰব হৈ উঠিল পশ্চিম নলবাৰীৰ বিভিন্ন দল- সংগঠন। উল্লেখ্য যে আজি কিছু দিনৰপৰা পশ্চিম নলবাৰী অঞ্চলৰ চামতাকে ধৰি বিভিন্ন ঠাইত   নিচাজাতীয় ড্ৰাগছ, বিলাতী সুৰা, চুলাই মদ, জুৱা আদিৰ অবাধ প্ৰচলনে অঞ্চলটোৰ সামাজিক পৰিৱেশ বিঘ্নিত কৰি তুলিছে।

ইয়াৰ প্ৰতিবাদত অসম ৰাজ্যিক গ্ৰামীন জীৱিকা অভিযান, পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ উদ্যোগত ২৪ নং দক্ষিণ মধ্য ধৰ্মপুৰ গাঁও পঞ্চায়ত, দক্ষিণ মধ্য ধৰ্মপুৰৰ গ্ৰাম্য সংগঠন তথা অন্যান্য সংগঠনৰ সহযোগত চামতাত  দেওবাৰে এক  মাদক দ্ৰব্য বিৰোধী অভিযান উলিওৱা হয়।

পশ্চিম নলবাৰী উন্নয়ন খণ্ডৰ ভাৰপ্ৰাপ্ত বিডিঅ' প্ৰকাশ বৰ্মণ, স্থানীয় পঞ্চায়ত সভাপতি দিনেশ ঠাকুৰীয়া (হানিফ), ২৫ নং ৰূপীয়াবাথান গাঁও পঞ্চায়ত সভানেত্ৰী ৰুনুমী বৰ্মণ প্ৰমুখ্যে কেইবাগৰাকী পঞ্চায়ত প্ৰতিনিধি, নেতৃস্থানীয় ব্যক্তিয়ে অংশ লোৱা অভিযানটোত অংশ লোৱা পুৰুষ-মহিলাসকলে হাতে হাতে ফেষ্টুন লৈ 'মাদক দ্ৰব্য বন্ধ কৰক' 'সামাজিক অনুষ্ঠানবোৰ সুৰক্ষিত কৰক', 'ছ'চিয়েল মিডিয়া ব্যৱহাৰত সজাগ হওক’ আদি শ্ল’গান লিখি মাদক দ্ৰব্য প্ৰচলনৰ বিৰুদ্ধে অঞ্চলটো পৰিভ্ৰমণ কৰি ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে।