দিগন্ত বৰ্মণ, বৰনৰ্দ্দীঃ নলবাৰী জিলাৰ ঘগ্ৰাপাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত কেইবাটাও অতি গুৰুত্বপূৰ্ণ গড়কাপ্তানী পথৰ লগতে গ্ৰাম্যপথ বোকা-পানীৰে একাকাৰ হৈ পৰাত সম্প্ৰতি যাতায়াত ব্যাহত হৈ পৰিছে।
ৰাইজে অভিযোগ কৰা মতে, এই পথকেইটাৰে নিতৌ অঞ্চটোৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্র-ছাত্ৰীকে ধৰি ব্যৱসায়ী, কৰ্মচাৰী, পথচাৰী অহা-যোৱা কৰে আৰু তেওঁলোক ভীষণ হাৰাশাস্তি সম্মুখীন হৈছে।
এই ক্ষেত্ৰত গড়কাপ্টানী বিভাগৰ বৰমূৰীয়া আৰু স্থানীয় গাঁও পঞ্চায়তসমূহে গুৰুত্ব প্ৰদান নকৰাত বছৰ বছৰ ধৰি ৰাইজে এজাক বৰষুণতে যাতায়াতৰ ক্ষেত্ৰত যমৰ যাতনা ভুগিব লগীয়া হৈছে।
শেহতীয়াকৈ অঞ্চলটোৰ দামোদৰ ধাম সংযোগী পথ বাঘমাৰা গাঁৱৰ মাজেৰে যোৱা শ্বহীদ অচ্যুত কলিতা পথ, একে পথতে সংযোগী শ্ৰীনগৰ হৈ নিমুৱা বুঢ়া গোঁসাই থানাৰে চিলিং চ’ক পথকেইটা বছৰ বছৰ ধৰি নলবাৰী গড়কাপ্তানী বিভাগে মেৰামতি নকৰাত বহু বিদ্যালয়ৰ শিক্ষাৰ্থীৰ লগতে ঘগ্ৰাপাৰ ল’ৰা-ছোৱালী হাইস্কুল, বনভাগ কলেজ, ঘগ্ৰাপাৰ শংকৰদেৱৰ বিদ্যা নিকেতন, শংকৰজোতি মৰ্ডাণ একাডেমী, বনভাগ জাতীয় বিদ্যালয়, গোপীনাথ বৰদলৈ জাতীয় বিদ্যালয়ৰ আদিৰ ছাত্ৰ-ছাত্ৰীসকল প্ৰতিদিনে যাতায়াতৰ ক্ষেত্ৰত ভীষণ সমস্যাৰ সম্মুখীন হৈছে।
ইতিমধ্যে পথ দুয়োটা বখলা বখলে খহি পৰাৰ লগতে ঠায়ে ঠায়ে পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হৈছে যদিও গড়াকাপ্তানী বিভাগৰ বিষয়া-কৰ্মচাৰীয়ে এইসমূহ সমস্যা দূৰ কৰাৰ ক্ষেত্ৰত মুঠেই গুৰুত্ব নিদিয়াৰ ৰাজহুৱা অভিযোগ উঠিছে।
ইফালে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বিলপাৰ আমৰ তলৰপৰা কটকটীয়াৰ নৱনিৰ্মিত গড়কাপ্টানী পথটো ঠিকাদাৰৰ হেমাহিৰ আজি প্ৰায় ডেৰবছৰ ধৰি কাম-কাজ লেহেমীয়া হৈ থকা বুলি অভিযোগ উত্থাপিত হৈছে।
ইতিমধ্যে পথটোৰ ঠিকাদাৰ হেমাহিৰ বাবে বিলপাৰৰ এশ মিটাৰৰ পথ এচোৱা বোকা-পানীৰে ওপচি পৰাত যাতায়াত ব্যাহত হৈ পৰিছে। অঞ্চলটোৰ পথচাৰীয়ে ইতিমধ্যে অন্যপথৰে যাতায়াত অব্যাহত ৰাখিছে যদিও দায়িত্বত থকা ঠিকাদাৰ, গড়কাপ্টানী বিভাগৰ বৰমূৰীয়াক বাৰম্বাৰ ৰাইজে অভিযোগ দিয়াৰ পাছতো গা লৰা নাই বুলি চৰ্চিত হৈছে। পথটোৰ এই কদৰ্য্ ৰূপ আঁতৰ কৰাৰ লগতে পথটোৰ কাম শীঘ্ৰে সম্পূৰ্ণ কৰি যাতায়াত সুচল কৰিবলৈ ৰাইজে বিভাগীয়ভাৱে দাবী জনাইছে।