চুলতান চালেহ আহমেদ, বৰপেটাঃ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে হাতত লোৱা 'ডিজিটেল ইণ্ডিয়া' প্ৰচাৰ অভিযানৰ চতুৰ্থ বৰ্ষপুৰ্তি হিচাপে সোমবাৰে বৰপেটা জিলা উপায়ুক্তৰ সভাকক্ষত এখন সভা অনুষ্ঠিত হয়৷
সভাত জিলা উপায়ুক্ত মুনিন্দ্ৰ শৰ্মাই জিলা উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলক উদ্দেশ্যি 'ডিজিটেল ইণ্ডিয়া' তথা ই-গভৰ্নেন্স ব্যৱস্থাৰ সুফল সমূহ ৰাইজক প্ৰদান কৰাৰ লগতে নিজেও তাৰ দ্বাৰা উপকৃত হোৱাৰ বাবে আহ্বান জনায়৷ উপায়ুক্ত গৰাকীয়ে লগতে কয় যে জনসংখ্যা আৰু অৰ্থনৈতিক শক্তিৰে ভাৰত বিশ্বৰ অন্যতম বৃহৎ শক্তি হিচাপে পৰিগণিত হোৱাৰ দিশত আগবাঢ়িছে।
এনে অৱস্থাত প্ৰযুক্তিৰ ন ন কৌশলৰ প্ৰয়োগেৰে নিজৰ উৎকৰ্ষ সাধন কৰাৰ লগতে তাৰ সুবিধা আহৰণ কৰিবই লাগিব বুলি মন্তব্য কৰে। সভাৰ আৰম্ভণিতে জিলা তথ্য-প্ৰযুক্তি বিষয়া সতীশ চন্দ্ৰ দেৱ শৰ্মাই উদেশ্য ব্যাখ্যা কৰি বৰপেটা জিলাত ডিজিটেল ইণ্ডিয়া তথা ই-গভৰ্নেন্সৰ অগ্ৰগতিৰ খতিয়ান দাঙি ধৰে। তেওঁ জনোৱা মতে ইতিমধ্যে জিলাখনত ১০ টাৰো অধিক সেৱাত অনলাইন ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে।
পৰ্যায়ক্ৰমে বাকী থকা সেৱা সমূহতো এই ব্যৱস্থা প্ৰৱৰ্তন কৰা হ'ব বুলি তেওঁ কয়। সভাত জিলা উন্নয়ন আয়ুক্ত ডা: বাবুল চহৰীয়া আৰু ৰাজহ পৰামৰ্শদাতা সৌৰভজ্যোতি চৌধুৰীয়েও বক্তব্য আগবঢ়ায়। সভাখনত অতিৰিক্ত উপায়ুক্তদ্বয় পুলক পাটগিৰী আৰু দুলাল দেৱনাথৰ লগতে জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাৰ লগতে কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।