সানি দাম, বৰপেটাৰোডঃ লোকসভা নিৰ্বাচনত বিজেপিয়ে আশাতীত ভাল ফলাফল প্ৰদৰ্শন কৰাৰ পাছত নামনি অসমৰ বাণিজিক চহৰ বৰপেটাৰোড ৰে’লৱে ষ্টেচনৰ সমীপত অৱস্থিত কংগ্ৰেছ দলৰ কাৰ্যালয় ৰাজীৱ ভৱনত এখন বৃহৎ আকাৰৰ বিজেপিৰ পতাকা ওলমি থকাত দেখা গ’ল।

চহৰখনৰ কংগ্ৰেছী মহলৰ লগতে সচেতনত জনগণৰ মাজত এই ঘটনাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ বিজেপিৰ পতাকাখন কংগ্ৰেছৰ কাৰ্যালয়ত ওলমি থকাৰ বাতৰি পায়ে কংগ্ৰেছ দলৰ সেৱা দলৰ উত্তৰ পূৰ্বাঞ্চলৰ তত্বাবধায়ক ধীৰাজ দেউৰী, গোৱৰ্ধনা ব্লক কংগ্ৰেছৰ সভাপতি ফাৰুক আব্দুল্লাহ সমন্বিতে কংগ্ৰেছৰ নেতা-কৰ্মীসকল কাৰ্যালয়টোত উপস্থিত হৈ এই কাৰ্যৰ তীব্ৰ প্ৰতিবাদ জনোৱাৰ উপৰি তেওঁলোকে বিজেপিৰ পতাকাখন নমাই আনি কাষৰ নলাত পেলাই দিয়ে৷

ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসৰ গৃহ সমষ্টি তথা গৃহ চহৰ বৰপেটাৰোডত বিজেপিৰ পতাকাখন কংগ্ৰেছ অফিচত কোনে কি উদ্দেশ্যে ওলমালে সেয়া নিশ্চিত হোৱা নাই যদিও একাংশ লোকে এয়া কংগ্ৰেছ বিৰোধী চক্ৰৰ কাৰ্য বুলি সন্দেহ প্ৰকাশ কৰিছে৷

কংগ্ৰেছ নেতাসকলে কংগ্ৰেছ বিৰোধী চক্ৰটোক এনে ধৰণৰ দু্ষ্কাৰ্যৰপৰা বিৰত থাকিবলৈ সকীয়াই দিয়ে৷ অন্যথা তেওঁলোকেও ইয়াৰ উচিত উত্তৰ সময়ত দিবলৈ কুণ্ঠাবোধ নকৰিব বুলি মন্তব্য কৰে৷