মিছামাৰীঃ নদীৰ প্ৰবল সোঁতত উটি অহা এটি গৰুক বচাবলৈ গৈ নিজেই উটি গ’ল এজন যুৱক৷ দেশ ব্যাপি গো হত্যাক লৈ বাদ-বিবাদ অব্যাহত থকাৰ মাজতে এজন জনগোষ্ঠীয় যুৱকে নিজৰ জীৱনক তুচ্ছ জ্ঞান কৰি নৈত জাপ দি বিগত কেবাদিনো ধৰি নিখোজ হৈ থকা ঘটনাই অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। 

প্ৰাপ্ত বাতৰি মতে, শোণিতপুৰ জিলাৰ মিছামাৰীৰ বেলশিৰি নৈত যোৱা শনিবাৰে এটা গৰুক উদ্ধাৰ কৰিবলৈ গৈ বাঢ়নি পানীৰ সোঁতত উটি গৈছিল পৰেশ স্বৰ্গীয়াৰী নামৰ প্ৰায় ৩০ বছৰীয়া এজন যুৱক। আকস্মিক ঘটনাটো ঘটাৰ পাছৰে পৰা নৈ পৰীয়া ৰাইজৰ উপৰিও আৰক্ষীয়ে যুৱকজনক উদ্ধাৰৰ বাবে অহৰহ চেষ্টা অব্যাহত ৰাখিছে যদিও আজিলৈকে উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। 

এনডিআৰএফৰ জোৱানে নদীৰ পানীত নামি নিখোজ যুৱকজনৰ মৃতদেহ উদ্ধাৰ অব্যাহত ৰাখিছে যদিও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই। প্ৰত্যক্ষদৰ্শীৰ পৰা জানিব পৰা মতে, মুষলধাৰ বৰষুণৰ মাজতে সতীৰ্থ কেইজনৰ সৈতে নৈৰ পাৰত পৰেশ স্বৰ্গীয়াৰী ৰৈ আছিল৷ তেনেতে নৈৰ পানীৰ সোঁতত এটা গৰু উটি অহা তেওঁলোকে প্ৰত্যক্ষ কৰে। 

সতীৰ্থৰ সৈতে ৰৈ থকা যুৱকজনে পানীত উটি অহা গৰুটোক ৰক্ষা কৰাৰ উদ্দেশ্যৰে পানীত জাঁপ দিয়ে। কিন্তু কিছু সময় পিছতে উটি অহা গৰুৰ সৈতে যুৱকজন নেদেখা হৈ পৰে। ইয়াৰ পাছৰে পৰা সতীৰ্থসকলৰ উপৰি প্ৰত্যক্ষদৰ্শীৰ মাজত হাঁহাকাৰৰ সৃষ্টি হয়। 

ঘটনাটোৰ পাছতে একাংশই পানীত নামি সাতুৰি যুৱকজনক বিচৰাৰ উপৰিও ক্ষন্তেক সময়ৰ পাছত খবৰ পাই আৰক্ষী ঘটনাস্থলীত উপস্থিত হয়। আৰক্ষীয়ে ৰাইজৰ সহযোগত নিখোজ যুৱকজনৰ সন্ধান নোপোৱাত পিছদিনা এনডিআৰএফে উদ্ধাৰ কাৰ্যত নামে যদিও মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই৷