ডিজিটেল ডেস্কঃ চৌদিশে পীড়িত শিশুৰ মৰণকাতৰ ক্ৰন্দন, অভিভাৱকৰ আৰ্তনাদ, মুঠতে গোৰখপুৰৰ বি আৰ ডি হাস্পতালত আচম্বিতে সৃষ্টি হৈছিল বিভীষিকাৰ। হাস্পতালখন পৰ্যবসিত হৈছিল যমপুৰীলৈ। ঈশ্বৰ স্মৰণৰ বাদে অসহায় অভিভাৱকৰ বাবে কৰিব পৰা একোৱেই নাছিল।

বিভীষিকাৰ সেই সময়ছোৱাতে কিন্তু হাস্পতালখনত আৱিৰ্ভাৱ ঘটিল ভগৱানৰ। ৰোগী আৰু আনসকলে দেখিলে তেজ-মঙহৰ ঈশ্বৰক। সকলোৰে মতে তেওঁ দেৱদূত। মনুষ্যৰ বেশত তেওঁ ৰক্ষা কৰিলে নিষ্পাপ কণমানিৰ প্ৰাণ। তেজ-মঙহৰ ভগৱানৰ বাবেই ৰক্ষা পৰিল কণমানি। সকলোৱে ঈশ্বৰ আখ্যা দিয়া লোকজনৰ নাম ডাঃ কাফিল খান।

ডাঃ খান উত্তৰ প্ৰদেশৰ গোৰখপুৰৰ বি আৰ ডি হাস্পতালৰ চিকিৎসক। ১০ আগষ্টৰ ৰাত্ৰি তেওঁ মন কৰিলে যে শিশুৰ ৱাৰ্ডৰ প্ৰায়বোৰ অক্সিজেন চিলিণ্ডাৰেই খালী। ইতিমধ্যে জীৱন দায়িনী গেছৰ অভাৱত যন্ত্ৰৰ পৰা বিপ বিপ শব্দ ওলাবলৈ ধৰিছিল। তেওঁ ফোন কৰিলে চিলিণ্ডাৰ যোগান ধৰা কেবাটাও প্ৰতিষ্ঠানলৈ। কিন্ত উত্তৰ না আহিল।

সেই সময়ত শীতল মগজুৰে এনকেফেলাইটিছ বিশেষজ্ঞজনে কৰ্তব্য আৰম্ভ কৰিলে। হাহাকাৰৰৰ মাজতে তেওঁ ঢাপলি মেলিলে বন্ধু এজনৰ নাৰ্ছিংহোমলৈ। খাটনি ধৰি বন্ধুৰ পৰা নিজৰ কাৰৰ ডিকিত ভৰাই আনিলে তিনিটা অক্সিজেন চিলিণ্ডাৰ।

সেইকেইটাৰে কিছু সকাহ পালে ৰুগীয়া শিশুৱে। তদুপৰি খানৰ পৰামৰ্শত অম্বু বেগ ফুলাই কেবাটিও শিশুক উশাহ দিয়া হল। আন কেবাঠাইলৈ ফোন কৰি ইতিমধ্যে খানে গোটালে ১২ টা চিলিণ্ডাৰ।

বিপদৰ সময়ত ধনৰ জোৰা মাৰিবলৈ তেওঁ সহকৰ্মীৰ হাতত উলিয়াই দিছিল নিজৰ এ টি এম কাৰ্ড। খানে দিয়া ১০ হাজাৰ টকাৰে অনা হৈছিল কেবাটাও চিলিণ্ডাৰ। যদি তেওঁ নাথাকিলেহেতেন তেন্তে বি আৰ ডি হাস্পতালত অৱধাৰিতভাৱে প্ৰাণ হেৰুৱালেহেতেন আন একাধিক শিশুৱে। ঈশ্বৰৰ ৰূপত অৱৰ্তীণ হোৱা খানৰ প্ৰতি এতিয়া কৃতজ্ঞ ৰোগীৰ আত্মীয়।

সেয়া হ'লেও উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে চিকিৎসালয়খনত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লোৱাৰ কিছু সময় পিছতে ডাঃ কাফিলক অব্যাহতি দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ৰাজ্যখনৰ স্বাস্থ্য বিভাগে। চৰকাৰৰ এনে সিদ্ধান্তক লৈও এতিয়া প্ৰতিক্ৰিয়াই দেখা দিছে।