কামপুৰঃ নগাওঁ জিলাৰ ৰহা সমষ্টিৰ পুঠিমাৰী দীঘলীডুবাৰ এখন দলঙে অঞ্চলটো ৪০ খন গাঁৱৰ ৰাইজক যাতায়াতৰ ক্ষেত্ৰত জীয়াতু ভোগাই আহিছে।
দলং নহয় যেন মৰণ ফাণ্ড। মাথোঁ কেইটামান কাঠৰ খুঁটা আৰু কেইডালমান লোহাৰ চিৰি। স্বাধীনতাৰ ৭০ বছৰৰ পাছতো কোনো জনপ্ৰতিনিধি অথবা চৰকাৰে অঞ্চলটোৰ যাতাযাত ব্যৱস্থাৰ উন্নয়নৰ ব্যৱস্থা কৰা নাই। ফলত অঞ্চলটোৰ ৪০ খন গাঁৱৰ ৰাইজে বছৰ বছৰ ধৰি এই মৰণফাণ্ড সদৃশ দলংখনেৰেই যাতায়াত অব্যাহত ৰাখিবলগা হৈছে।
অঞ্চলটোত প্ৰৱেশ নকৰে মৃত্যুঞ্জয় এম্বুলেঞ্চে। সেয়েহে চিকিৎসালয়লৈ ৰোগীক নিব লগা হয় চাইকেল অথবা ডাংকোলাৰে। ৰাইজে দান বৰঙণিৰে পুঠিমাৰী জান ভেটি এটা উপপথ নিৰ্মান কৰিছে যদিও তাৰ অৱস্থাও দিন বাগৰাৰ লগে লগে শোচনীয় হৈ পৰিছে।
উল্লেখযোগ্য যে নিৰ্বাচনৰ সময়ত ৰাজনৈতিক নেতাসকলে ফটো মাৰি নি দলং নিৰ্মাণৰ অনেক প্ৰতিশ্ৰুতি দিলে। কিন্তু নিৰ্বাচনৰ পাছত সকলো ফুটুকাৰ ফেনত পৰিণত হয়। পৰিণতিত আজিপৰ্যন্ত উন্নয়ন নহ'ল এই অঞ্চলটোৰ।
সমস্যাত ভাৰাক্ৰান্ত ৰাইজৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰে ১৫ বছৰ শাসন কৰিলে কিন্তু উন্নয়নৰ নামত উপহাৰ পালে এটা শূন্য । ৰাইজৰ আশা যে নতুন চৰকাৰে চকু মেলি চাব তেওঁঁলোকলৈ।