ডিজিটেল ডেস্কঃ বিজেপি চৰকাৰে অন্তমি খন বাজেট বৃহস্পতিবাৰে সংসদত উত্থাপন কৰি আছে৷ পুৱাই প্ৰথমে সংসদ ভৱনত কেবিনেট বৈঠক অনুষ্ঠিত হয়৷ তাৰ পিছতেই বিত্তমন্ত্ৰী অৰুণ জেটলীয়া দাখিল কৰে বাজেট৷ বাজেটত আয়কৰৰ ধৰণ পৰিৱৰ্তন কৰিব পাৰে বুলি জল্পনা-কল্পনা বিভিন্ন মহলত। বাজেট উত্থাপন কৰাৰ পূৰ্বে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিলে বিত্তমন্ত্ৰীয়ে৷ লোক সভাৰ অধ্যক্ষই আমন্ত্ৰণ জনোৱাৰ পিছতেই পুৱা প্ৰায় ১১ বজাৰ পৰা বিত্তমন্ত্ৰীয়ে উত্থাপন কৰে বাজেট৷ বাজেটেত শেহতীয়াকৈ উল্লেখ কৰে মতে....
*কৃষি ক্ষেত্ৰৰ উন্নয়নৰ বাবে ১১ লাখ কোটিৰ প্ৰস্তাৱ
*কৃষিক্ষেত্ৰৰ উন্নয়নৰ বাবে অপাৰেছন গ্ৰীন আঁচনি আৰম্ভ কৰিব চৰকাৰে।
*কৃষকৰ উৎপাদিত সামগ্ৰীৰ নিয়ন্ত্ৰণ সহায় মূল্য বৰ্তমানৰ দৰতকৈ ১.৫ গুণ বৃদ্ধি কৰিব চৰকাৰে৷
*খাদ্য প্ৰক্ৰিয়াকৰণত ১৫০০ কোটি৷
*দুবছৰত ২ কোটি শৌচালয়।
*ভেষজ উৎপাদনৰ বাবে ২০০ কোটি।
*৪২ খন মেগা ফুড পাৰ্ক।
*গ্ৰামীন উন্নয়নত গুৰুত্ব।
*পৰোক্ষ কৰ ব্যৱস্থাৰ সংস্কাৰ সাধনৰ প্ৰস্তাৱ।
*৯০০০ কিঃমিঃ পথ ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণ।
*ৰেল বিশ্ববিদ্যালয় বদোদৰাত স্থাপন হ'ব।
*স্বাস্থ্য খণ্ডত ১২ হাজাৰ কোটি।
*১০ কোটি দৰিদ্ৰ পৰিয়ালক বছৰত ৫ লাখ টকাকৈ দিয়াৰ প্ৰস্তাৱ।
*জিলা চিকিৎসালয় উন্নয়ন, ২৪ নতুন চিকিৎসালয়।
*নমামি গংগা আঁচনিৰ আৰম্ভ কৰিব চৰকাৰে।
*প্ৰাণী সম্পদৰ বাবে ১০ হাজাৰ কোটি।
*দিল্লীৰ প্ৰদূষণ ৰোধৰ ব্যৱস্থা।
*ঘৰে ঘৰে বিদ্যুৎৰ নামত ১৬০০ কোটি।
*১১৫ খন জিলাত বিশেষ আঁচনি।
*ৰেলৰ বাবে ১ লাখ ৪৮ হাজাৰ কোটি।
*৩৬ হাজাক কি মিঃ ৰেল পথ নিৰ্মাণ কৰা হ'ব।
*দেশৰ ১০ খন পৰ্যটনস্থলীক বিশ্ব মানৰ কৰা হ'ব।
*চৰকাৰী কৰ্মচাৰীক পিএফত চৰকাৰী সহায্য প্ৰদান। তিনি বছৰৰ বাবে।
*EPF ১২ শতাংলৈ বৃদ্ধি।
*২৫ হাজাৰৰ বেছি আহ-যাহ কৰাত ষ্টেছনত চলন্ত ছিৰি নিৰ্মাণ
*ৰাজ্যপাল, ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতিৰ দৰমহা বৃদ্ধিৰ প্ৰস্তাৱ
*ইউডিএৰ প্ৰকল্পৰ ৫৬ টা নতুন বিমান বন্দৰ, ৩১টা হেলীপেড।
*একলাখ পঞ্চায়তত অফটি ফাইবাৰ স্থাপন। ৫ লাখ ৱাই-ফাই সাজু কৰিব চৰকাৰে।
*৫ বছৰৰ মূৰে মূৰে বৃদ্ধি হ'ব সাংসদৰ দৰমহা।
*২০১৮-১৯ চনত বিলগ্নীকৰণৰ বাবে ৮০ হাজাৰ কোটিৰ প্ৰস্তাৱ।
*আয়কৰ ৰিটাৰ্ণ ৪১ শতাংলৈ বৃদ্ধি।
*সোন লেন-দেনৰ বাবে নতু নীতি অৱলম্বন
*নাগৰিক আয়কৰৰ বাবে নতুন সিদ্ধান্ত নলয় চৰকাৰে। নাগৰিক আয়কৰ যোৱা তিনি বছৰত ইতিবাচক।
*বাৰ্ষিক আয় ২৫০ কোটি হলে ২৫ শতাংশ কৰ্পৰেট কৰৰ প্ৰস্তাৱ।
*যাতাযত, চিকিৎসালয় খৰচৰ বাবদ ষ্টেণ্ডদাৰ্ট দিদাকছন ৪০ হাজাৰ পৰ্যন্ত দেখাব পাৰিব।
*মোবাইল ফোনৰ কাষ্টম ডিউতি ১৫ শতাংশৰ পৰা ২০ শতাংশ হ'ব।
*জ্যেষ্ঠ নাগৰিকৰ বাবে বেংকৰ আয়ৰ ক্ষেত্ৰত কৰ বৃদ্ধি কৰি ৫০ হাজাৰ কৰা হ'ব।
*কাজু বাদামৰ মূল্য হ্ৰাস।