newsnextone.com | ডিজিটেল ডেস্কঃ নতুন ইতিহাসৰ সূচনা কৰিবলৈ ২০১৭ চনৰ ২৪ এপ্ৰলিত আহমেদাবাদ-মুম্বাই বুলেট ট্ৰেইন প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ছিনঝো আবেই। ২০১৪ বৰ্ষৰ লোকসভা নিৰ্বাচনত এই বুলেট ট্ৰেইন আছিল নৰেন্দ্ৰ মোডীৰ অন্যতম প্ৰতিশ্ৰুতি।

জাপানৰ হাতত হাত ধৰি নিজৰ প্ৰতিশ্ৰুতি ৰক্ষা কৰিবলৈ আগবাঢ়িছিল নৰেন্দ্ৰ মোডীয়ে। এইক্ষেত্ৰত মোডীক সকলো প্ৰকাৰৰ সহায়-সহযোগিতাৰ আশ্বাস প্ৰদান কৰিছে জাপানৰ প্ৰধানমন্ত্ৰীয়ে। 'ভাৰতৰ এই প্ৰকল্পক বাস্তৱ ৰূপ দিবলৈ ইতিমধ্যে জাপানৰ অভিযন্তাই বিভিন্ন দিশ চোৱাচিতা কৰি আছিল৷

সবৰমতীত ভাৰতীয় ৰেলৰ ঐতিহাসিক দিনৰূপে স্বীকৃতি দি বিজেপিয়ে ব্যাপক প্ৰচাৰ কৰিছিল৷ জাপানৰ প্ৰধানমন্ত্ৰী ছিনোঝাৰ উপস্থিতিত আধাৰশিলা স্থাপন কৰি মোডীয়ে বুলেটৰ গতিৰেই আগবাঢ়িব দেশৰ প্ৰগতি বুলি কৈ ভাৰতৰ আপোন বন্ধু জাপানক ধন্যবাদ কিয়নো স্বপ্নক বাস্তৱায়িত কৰাৰ দিশে আৰু এখোজ আগবাঢ়িল ভাৰত বুলি কয় মোডীয়ে। এতিয়া কৰ্মসংস্থাপন বৃদ্ধি পাব। বুলেট ট্ৰেইনক সুৰক্ষিত আৰু পৰিৱেশ অনুকূল আখ্যা দি মোডীয়ে এয়াই হৈছে নতুন ভাৰত। অপৰিসীম ইচ্ছাশক্তি বুলি কৈছিল৷

কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সপোনৰ বুলেট ট্ৰেইনৰ প্ৰকল্পৰ কাম আৰম্ভ হোৱাৰ আশা ক্ষীণ হৈ পৰিছে৷ ঘোৰ অনিশ্চয়তাই দেখা দিছে৷ কিয়নো বুলেট ট্ৰেইনৰ বাবে ভূমি অধিগ্ৰহণ আজিলৈ কৰিব পৰা নাই চৰকাৰে৷ 

যদিও চৰকাৰে ভূমি অধিগ্ৰহণ কৰাৰ অন্তিম সময় ডিচেম্বৰ মাহ পৰ্যন্ত নিৰ্ধাৰণ কৰিছে তথাপিও ভূমি অধিগ্ৰহণৰ কাম এতিয়াও আৰম্ভ হোৱা নাই৷ ইয়াৰ পৰিৱৰ্তে ভূমিৰ গৰাকীয়ে ভূমি এৰি নিদিয়াৰো সংকল্প গ্ৰহণ কৰিছে৷ ১ লাখ ১৫ হাজাৰ কোটি টকাৰ জাপানৰ বুলেট ট্ৰেইনৰ যোজনা আধৰুৱা হৈ ৰ’ব বুলি প্ৰচাৰ আৰম্ভ হৈছে৷

এই বিষয়টো প্ৰধানমন্ত্ৰী কাৰ্যালয়ে হস্তক্ষেপ কৰিব লগা হৈছে বুলি খবৰ প্ৰকাশ হৈছে৷ বুলেট ট্ৰেইনৰ ভূমি অধিগ্ৰহণৰ তথ্য প্ৰতিটো সপ্তাহত বিচাৰিছে প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে৷ আনহাতে জাপানক ভূমি অধিগ্ৰহণৰ জটিলতা শীঘ্ৰে আতৰ হ’ব বুলি জনাব লগা হৈছে চৰকাৰে৷

বিশেষকৈ মহাৰাষ্ট্ৰত ভূমি অধিগ্ৰহণত স্থানীয় লোকে বাধাৰ প্ৰাচীৰ হৈ থিয় দিছে৷ মুম্বাইৰ পাল ঘৰ এলেকাত প্ৰায় ১০৮ কিঃ মিঃ এলেকাৰে পাৰ হৈ যাব বুলেট ট্ৰেইনৰ পথ৷ কিন্তু স্থনীয় কৃষকে উক্ত ভূমি আৰু ভূমিক থকা আমৰ বাগান সমূহ কাটিব বিচৰা নাই৷ যাৰ ফলত প্ৰতিবাদ আৰম্ভ কৰিছে কৃষকে৷ প্ৰতিবাদৰ পিছফালে স্থানীয়ে নেতা থকা বুলি অভিযোগ উত্থাপন হৈছে৷

যাৰ বাবে এই আঁচনি ৰূপায়নৰ বাবে বাধা হৈ পৰিছে ভূমি অধিগ্ৰহণৰ বিষয়টো৷ মহাৰাষ্ট্ৰৰ আন্দোলনকাৰীৰ সৈতে আলোচনা কৰি ভূমি অধিগ্ৰহণৰ সমস্যা আতৰ কৰিব বিচাৰিছে চৰকাৰে৷

মুম্বাইৰ পৰা গুজৰাটৰ আহমেদাবাদ পৰ্যন্ত বুলেট ট্ৰেইন চলিবনে নে নাই তাকেই লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা৷ ভূমিৰ অধিগ্ৰহণৰ সমস্যা কেতিয়া আতৰ হ’ব সেয়া এক চিন্তাৰ বিষয় হৈ পৰিছে চৰকাৰৰ বাবে৷

উল্লেখ্য যে আহমেদাবাদৰ পৰা মুম্বাই পাওতে বৰ্তমান সময় লাগে ৮ ঘণ্টা। বুলেট ট্ৰেইন আৰম্ভ হ’লে সময় লাগিব ৩ ঘণ্টা। প্ৰাককলন অনুযায়ী ২০২৩ চনত সম্পূৰ্ণ হ’ব এই প্ৰকল্পৰ কাম। এখন বুলেট ট্ৰেইনত যাত্ৰা কৰিব পাৰিব ৭৫০ গৰাকী যাত্ৰীয়ে।