পাটনাঃ পশ্চিমবংগ আৰু দিল্লীৰ পিছত এইবাৰ চিবিআইৰ অভিযান আৰম্ভ হৈছে বিহাৰত। বুধবাৰে চাকৰিৰ বিনিময়ত মাটি কেলেংকাৰী সন্দৰ্ভত আৰজেডি নেতাৰ বাসগৃহত চিবিআইয়ে অভিযান অব্যাহত ৰাখিছে।
চিবিআইয়ে যিকেইগৰাকী আৰজেডি নেতাৰ ঘৰত অভিযান চলাইছে সেইসকল হৈছে লালুপ্ৰসাদ যাদৱৰ ঘনিষ্ঠ বুলি জনাজাত এমএলচি সুনীল সিং, সাংসদ আছফাক কৰিম আৰু ফৈয়াজ আহমেদ আৰু প্ৰাক্তন এমএলচি সুবোধ ৰায়।
তাৎপৰ্যপূৰ্ণ যে, আজি নীতিশ কুমাৰ নেতৃত্বাধীন জেডিইউ-আৰজেডি মিত্ৰজোঁটৰ নতুন চৰকাৰখনে বিধানসভাত দুপৰীয়াৰ ভাগত শক্তি প্ৰদৰ্শন কৰিব। এই সময়তে এনেদৰে আৰজেডি নেতাৰ বাসগৃহত চিবিআইয়ে অভিযান চলোৱা বিষয়টোৱে বিহাৰৰ ৰাজনীতিত চাঞ্চল্যৰ সৃষ্টি কৰিছে।
আৰজেডি নেতা সুনীল সিঙে এই সমগ্ৰ ঘটনাক ৰাজনৈতিক ষড়যন্ত্ৰ আখ্যা দিছে। স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুযায়ী লালুৰ অতিকৈ ঘনিষ্ঠ সুনীল সিঙক প্ৰতিবছৰে ৰাবৰি দেৱীয়ে ৰাখী পিন্ধাই আহিছে।
'এই সকলো ইচ্ছাকৃতভাৱে কৰা হৈছে। ইয়াৰ কোনো কাৰণেই নাই। ভয় খুৱাই আমাৰ দলৰ বিধায়কক বিজেপিলৈ নিবৰ বাবেই এইবোৰ কৰিছে।’-সুনীল সিঙে কয়।
উল্লেখ্য যে, আৰজেডি নেতাৰ বাসগৃহত আজি যি অভিযান চলোৱা হৈছে সেয়া লালু যাদৱ ৰেলমন্ত্ৰী হৈ থকা সময়ৰে কথা। লালু যাদৱ ৰেলমন্ত্ৰী হৈ থকা সময়ত চাকৰিৰ বিনিময়ত উৎকোচ হিচাপে মাটি লোৱাৰ অভিযোগ উত্থাপিত হৈছিল।
ইফালে, আজিৰ চিবিআইৰ অভিযানক লৈ বিজেপিৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে আৰজেডি। বিহাৰত চৰকাৰ চলাব নোৱৰাৰ খঙত বিজেপিয়ে এনেদৰে ধৰফৰাই মৰিছে বুলিও দাবী কৰিছে আৰজেডিয়ে। দলটোৰ সাংসদ মনোজ ঝাই কয় যে আজি বিহাৰৰ বাবে এক ঐতিহাসিক দিন, সেয়ে ভয় খুৱাবলৈকে আজিৰ দিনটোকেই অভিযানৰ বাবে বাচি লৈছে।
সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত সাংসদ ঝাই তদন্তকাৰী সংস্থাসমূহৰ চৰিত্ৰক লৈও প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয়, 'উৰহৰ খং ভঙা ধাৰিত কোবাবলৈ উচপিচাই আছে বিজেপিয়ে। চৰকাৰ চলাব নোৱৰাৰ ক্ষোভ নে কি? মহাৰাষ্ট্ৰৰ পৰা বিহাৰলৈকে সকলোতে আপোনালোকৰ একেই স্ক্ৰিপ্ট। বিহাৰে নিজা ষ্টাইলত ইয়াৰ প্ৰতিশোধ ল’ব। ৰাজনৈতিকভাৱে বলে নোৱাৰি এতিয়া এইদৰে ষড়যন্ত্ৰ কৰিছে। এয়া চিবিআই, ইডিৰ অভিযান নহয়, এয়া হৈছে বিজেপিৰ তালাচী অভিযান। এয়া চূড়ান্তভাৱে নিকৃষ্ট ৰাজনীতি।’
আনহাতে, বিহাৰ বিজেপিৰ অধ্যক্ষ তথা সাংসদ সঞ্জয় জয়ছোৱালে কয় যে বিজেপিয়ে কাৰো বিৰুদ্ধে এনেয়ে অভিযোগ উত্থাপন নকৰে। তেওঁ কয়, 'ডেৰবছৰ পূৰ্বে মুখ্যমন্ত্ৰী নীতিশ কুমাৰে নিজেই অভিযোগ কৰিছিল যে আৰজেডিৰ নেতাসকল বহু দুৰ্নীতিত লিপ্ত। এই তদন্ত আৰু অভিযান তাৰেই অংশ।’