newsnextone.com | ডিজিটেল ডেস্কঃ ২৬ মে’ত চিবিএছইৰ দ্বাদশ শ্ৰেণীৰ ফলাফল ঘোষণা কৰাৰ পিছতেই মঙলবাৰে ঘোষণা কৰা হৈছে চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাৰ ফলাফল৷ বোৰ্ডৰ অফিচিয়েল ৱেৱচাইট cbse.nic.in, cbseresults.nic.in যোগে পৰীক্ষাৰ ফলাফল প্ৰকাশ কৰা হয়৷ এইবাৰ চিবিএছইৰ দশম শ্ৰেণীৰ পৰীক্ষাত উত্তীৰ্ণৰ হাৰ হৈছে ৮৬.৭০ শতাংশ৷
আনহাতে, এইবাৰৰ পৰীক্ষাৰ ফলাফলত ল’ৰাতকৈ ছোৱালীয়ে অধিক ভাল ফল দেখুৱাবলৈ সক্ষম হৈছে৷ ছোৱালীৰ উত্তীৰ্ণৰ হাৰ ৮৮.৬৭ শতাংশ হোৱাৰ বিপৰীতে ল’ৰাৰ উত্তীৰ্ণৰ হাৰ ৮৫.৩২ শতাংশ৷
চিবিএছই বোৰ্ডৰ দশম শ্ৰেণীৰ পৰীক্ষাত মুঠ ৫০০ নম্বৰৰ ভিতৰত ৪৯৯ নম্বৰ লাভ কৰি ৪ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে শীৰ্ষ স্থান দখল কৰে৷
গুৰগাৱৰ ডিপি স্কুলৰ প্ৰখৰ মিত্ত, বিজনোৰৰ আৰকে পাব্লিক স্কুলৰ ৰিমঝিম অগৰৱাল, চামলীৰ স্কান্টিছ ইন্টাৰনেছনেল স্কুলৰ নন্দিনী গাৰ্গ আৰু কোচিৰ ভৱন বিদ্যালয়ৰ শ্ৰী লক্ষ্মী জীয়ে শীৰ্ষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে।