newsnextone.com | ডিজিটেল ডেস্কঃ পুনৰ সংঘৰ্ষ বিৰত চুক্তি উলংঘন কৰি পাক সেনাই গুলী বৰ্ষণ কৰাত এগৰাকী বিষয়া সহ ৪ গৰাকী বিএছএফ জোৱান শ্বহীদ হয়৷ জম্মু কাশ্মীৰৰ চাম্বাত কেইবা ঘণ্টা ধৰি চলোৱা পাক সেনাৰ গুলীত শ্বহীদ হয় ৪ বিএছএফ জোৱান৷ ইয়াৰে মাজত এজন বিষয়াও আছে৷
বিএছএফৰ জম্মু ফ্ৰণ্টিয়াৰৰ আইজি ৰাম আবতাৰে জানিবলৈ দিয়া মতে, মঙলবাৰে নিশাৰে পৰা ৰামগড় চেক্টৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰিছে পাকিস্তানৰ সেনাই৷ এগৰাকী অতিৰিক্ত কমাণ্ডাৰ সহ ৪ গৰাকী জোৱানৰ প্ৰাণ গৈছে৷ আহত হৈছে ৩ জোৱান৷ পাক ৰেঞ্জাৰ্চে বিএছএফৰ সৈতে সংঘৰ্ষ বিৰত চুক্তি উলংঘন কৰি গুলীচলান কৰে৷
মঙলবাৰে নিশা ১০ বাজি ৩০ মিনিটৰ পৰা সীমান্তৰ ৰামগড় চামলিয়ালস্থিত বিএছএফৰ সীমান্ত চকীক লক্ষ্য কৰে গুলীচালনা কৰে৷ বিএছএফেও প্ৰত্যুত্তৰ দিয়ে পাক সেনাক৷ চলিত মাহতে দ্বিতীয়বাৰ চুক্তি উলংঘন কৰিলে পাকিস্তান সেনাই৷ এটি টুইট কৰি জম্মু কাশ্মীৰৰ আৰক্ষী সঞ্চালক প্ৰধান এছ পি বৈদে ঘটনাৰ দুখ প্ৰকাশ কৰে৷