নতুন দিল্লীঃ অৱশেষত আৰম্ভ হ’ব মোদী যুগৰ প্ৰথমটো লোকপিয়লৰ প্ৰক্ৰিয়া। সূত্ৰ অনুসৰি, অহা বছৰৰ পৰা কেন্দ্ৰীয় চৰকাৰে আৰম্ভ কৰিব লোকপিয়লৰ কাম। সমগ্ৰ ২০২৫ বৰ্ষটোত লোকপিয়ল অব্যাহত থকাৰ পিছত ২০২৬ চনত প্ৰকাশ কৰা হ’ব নতুন লোকপিয়লৰ তথ্য। উল্লেখ্য যে, প্ৰতি ১০ বছৰৰ মূৰে মূৰে দেশত সম্পন্ন কৰা হয় লোকপিয়ল। ২০১১ চনৰ লোকপিয়লৰ পিছত পৰৱৰ্তী লোকপিয়ল ২০২১ত অনুষ্ঠিত হ’ব লাগিছিল যদিও কোভিড মহামাৰীৰ পৰিপ্ৰেক্ষিতত সেই বছৰ ইয়াৰ কাম স্থগিত ৰখা হয়।
তাৰ পিছৰে পৰা বিগত চাৰি বছৰ ধৰি স্থগিত হৈ থকা লোকপিয়লৰ প্ৰক্ৰিয়া অৱশেষত অহা বছৰৰ পৰা পুনৰ আৰম্ভ হ’ব বুলি চৰকাৰী সূত্ৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰিছে 'ইণ্ডিয়া টুডে’য়ে। ইফালে সূত্ৰৰ মতে, এই লোকপিয়লৰ পিছতে দেশৰ লোকসভা সমষ্টিসমূহ পুনৰ নিৰ্ধাৰণৰ পদক্ষেপ গ্ৰহণ কৰিব কেন্দ্ৰীয় চৰকাৰে। মন কৰিবলগীয়া যে, পৰৱৰ্তী লোকসভা নিৰ্বাচন অনুষ্ঠিত হ’ব ২০২৯ চনত। ইয়াৰ পূৰ্বে ২০২৮ চনৰ ভিতৰত সমষ্টিসমূহৰ পুনৰ নিৰ্ধাৰণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিছে মোদী চৰকাৰে। লক্ষণীয় যে, বিগত চাৰি বছৰ ধৰি লোকপিয়ল স্থগিত ৰখাৰ পৰিপ্ৰেক্ষিতত এতিয়া দেশত বৃদ্ধি পাইছে জাতিগত জনগণনাৰো চাহিদা।
শেহতীয়াকৈ কেইবাটাও বিৰোধী ৰাজনৈতিক দলে জাতিগত সমীক্ষাৰ দাবী উত্থাপন কৰিছে। অৱশ্যে এই সন্দৰ্ভত এতিয়ালৈকে চৰকাৰে কোনো সিদ্ধান্ত ঘোষণা কৰা নাই। লোকপিয়ল প্ৰক্ৰিয়াত কি তথ্যৰ ওপৰত গুৰুত্ব দিয়া হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই। অৱশ্যে সাধাৰণ, অনুসূচিত জাতি আৰু জনসংখ্যাৰ ভিত্তিত তথ্যই সমীক্ষাত স্থান পাব পাৰে বুলি সূত্ৰযোৱে প্ৰকাশ কৰিছে। উল্লেখ্য যে, বৰ্তমান দেশৰ লোকপিয়ল আয়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে মৃত্যুঞ্জয়কুমাৰ নাৰায়ণে।
মোদী চৰকাৰে তেওঁৰ কাৰ্যকাল ২০২৬ৰ আগষ্টলৈ বৃদ্ধি কৰাৰ পৰিপ্ৰেক্ষিতত দেশত শীঘ্ৰেই লোকপিয়লৰ প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা দেখা গৈছে। বিগত আগষ্ট মাহত লোকপিয়ল সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক সোধা এক প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিল, “যথা সময়ত লোকপিয়ল কৰা হ’ব। এই বিষয়ত চূড়ান্ত সিদ্ধান্তৰ বিষয়ে অৱগত কৰা হ’ব।” লগতে তেওঁ কয় যে এইবাৰৰ সমগ্ৰ লোকপিয়ল প্ৰক্ৰিয়া মোবাইল এপৰ সহায়ত ডিজিটেলভাৱে কৰা হ’ব। ইফালে লোকপিয়ল সন্দৰ্ভত বিভিন্ন সংবাদ সংস্থাৰ বাতৰিৰ পিছতে এই বিষয়ত এক সৰ্বদলীয় বৈঠক অনুষ্ঠিত কৰাৰ দাবী জনাইছে কংগ্ৰেছে।
১৯৫১ চনৰ পৰা অনুসূচিত জাতি আৰু অনুসূচিত জনজাতিৰ পৰিসংখ্যা পৃথকে পৃথকে প্ৰকাশ কৰি অহাৰ দৰে এইবাৰো জাতিৰ বাবে পৃথক পৰিসংখ্যা প্ৰদান কৰা হ’বনে নহয় সেই বিষয়ে প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। লোকপিয়লক লৈ কেন্দ্ৰীয় চৰকাৰৰ পৰিকল্পনা স্পষ্টভাৱে প্ৰকাশ কৰাৰ দাবীৰে কংগ্ৰেছে কয় যে পৰৱৰ্তী লোকপিয়লৰ সময়ত ব্যক্তিগত জাতিভিত্তিক তথ্য সংগ্ৰহৰ প্ৰক্ৰিয়া সন্দৰ্ভত কেন্দ্ৰই স্পষ্ট কৰিব লাগে, যাতে এই প্ৰক্ৰিয়াক লৈ কোনো ধৰণৰ বিভ্ৰান্তিৰ সৃষ্টি নহয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত সঠিক তথ্য নিশ্চিত কৰা হয়।