গুৱাহাটীঃ ভাৰত-বাংলাদেশ সীমান্তৰ অসম্পূৰ্ণ কাঁটা তাঁৰৰ বেৰ নিৰ্মাণৰ নামত কেন্দ্ৰই অসমবাসীক পুনৰ প্ৰতাৰণা কৰা বুলি চৰ্চিত হৈছে। লক্ষ্যণীয় যে এই বছৰৰ জুনৰ ভিতৰতে ভাৰত-বাংলাদেশ সীমান্তৰ অসম্পূৰ্ণ কাটা তাঁৰৰ বেৰ সম্পূৰ্ণ কৰা হ’ব বুলি কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰে ঘোষণা কৰিছিল যদিও মূৰকত হোহকা পিছলা কৰে।
অলপতে অনুষ্ঠিত ত্ৰি-পাক্ষিক বৈঠকত কেন্দ্ৰই সীমান্ত ছীল কৰিবলৈ পুনৰ এবছৰৰ সময় লয়। বৈঠকত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আশ্বাস দিয়া হয় যে ২০১৮ৰ ডিচেম্বৰৰ ভিতৰতহে সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰা হ’ব। কিন্তু কেন্দ্ৰই এইদৰে পুনঃ পুনঃ সময় লৈ থকাক কেন্দ্ৰ কৰি ৰহস্যৰ সৃষ্টি হৈছে। বিভিন্ন পক্ষই ইয়াকে লৈ কেন্দ্ৰৰ অভিপ্ৰায় সম্পৰ্কত প্ৰশ্ন উত্থাপন কৰিবলৈ লৈছে।
এই সম্পৰ্কত প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ সঞ্জু বৰুৱাই 'নিউজ নেক্সট ৱান’ক কয় যে বিগত তিনি বছৰে বিজেপি চৰকাৰে কোনো এটা কামেই সম্পূৰ্ণ কৰিব পৰা নাই। গতিকে ভাৰত-বাংলাদেশ সীমান্তও যে প্ৰকৃততে ছীল কৰিব তাক লৈ সন্দেহ আছে। বাৰম্বাৰ চৰকাৰখনে কেৱল সময় লৈয়ে আছে বুলি তেওঁ মন্তব্য কৰে।
একেদৰে মুখামন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো ঐতিহাসিক অসম চুক্তি ৰূপায়নৰ ক্ষেত্ৰত সদিচ্ছা নাই বুলি কংগ্ৰেছ নেতাজনে অভিযোগ উত্থাপন কৰে।
উল্লেখ্য যে যোৱা বছৰৰ জুনত নতুন দিল্লীত অনুষ্ঠিত এখন পৰ্যায়ৰ বৈঠকত কেন্দ্ৰীয় গৃহ মন্ত্ৰী ৰাজনাথ সিঙে ২২৩.২ কিলোমিটাৰ দৈৰ্ঘ্যৰ (অসমক চুই যোৱা) ভাৰত-বাংলাদেশ সীমান্ত ছীল এই বছৰৰ জুনৰ ভিতৰত সম্পূৰ্ণ হ’ব বুলি উল্লেখ কৰিছিল। অসম সীমান্তত ১২২টা স্থানত ৬০.৭ কিলোমিটাৰ অঞ্চল উন্মুক্ত হৈ আছে।
ইয়াৰে ১১.৯ কিলেমিটাৰ অঞ্চলৰ এশটা স্থানত ফেন্সিং আৰু ৪৮.৮কিলোমিটাৰ অঞ্চলৰ ১০০ টা স্থানৰ নৈৰে আগুৰা ঠাই প্ৰযুক্তি ব্যৱহাৰৰে বেৰা দিয়াৰ কথা বৈঠকখনত কেন্দ্ৰীয় গৃহমন্ত্ৰী সিঙে উল্লেখ কৰিছিল। এই সকলো কাম চলিত বৰ্ষৰ জুনত সম্পূৰ্ণ কৰাৰ লক্ষ্য স্থিৰ কৰা হয়। কিন্তু শেহতীয়া ত্ৰি-পাক্ষিক বৈঠকত কেন্দ্ৰই সীমান্ত ছীল কৰিবলৈ পুনৰ এবছৰতকৈ অধিক সময় লয়। ইয়াক লৈ বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিবলৈ লৈছে।
আনহাতে, এই সম্পৰ্কত সদৌ অসম ছাত্ৰ সন্থা(আছু)ৰ সভাপতি দীপাংক কুমাৰ নাথে কয়, ' যোৱা বছৰ আমি কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ সৈতে কৰিমগঞ্জৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন কৰাৰ সময়ত তেওঁ ২০১৭-ৰ ভিতৰত সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰিব বুলি ঘোষণা কৰে। মাটি আৰু জল দুয়োটা সীমাই ছীল কৰাৰ প্ৰতিশ্ৰুতি তেওঁ দিছিল। কিন্তু শেহতীয়া ত্ৰি-পাক্ষিক বৈঠকত তেওঁ সীমান্ত সম্পূৰ্ণৰূপে ছীল কৰাৰ বাবে অহা বছৰৰ ডিচেম্বৰলৈকে সময় লয়।’
কেন্দ্ৰৰ এনে হোহকা-পিছলাক লৈ ক্ষোভ প্ৰকাশ কৰি অসম গণ পৰিষদ (অগপ) নেতা দিলীপ বৰাই কয়, 'এবছৰতো বাদেই কেতিয়াবা যে ভাৰত-বাংলাদেশ সীমান্ত ছীল হ’ব তাক লৈ মোৰ সন্দেহ আছে। অলপতে মই ধুবুৰী আৰু মানকাচৰ সীমান্তলৈ গৈছিলো। তাত দেখিলো যে নতুনকৈ বেৰ দিয়াৰ কাম আৰম্ভ হৈছে যদিও মেৰামতিৰ অভাৱত পুৰণি কাটা তাঁৰসমূহ জহি-খহি যাবলৈ ধৰিছে।
এনেদৰে সীমা ছীল কৰাৰ অৰ্থ আছে বুলি মই নাভাৱো।’ অসমৰ লগতে মেঘালয়-ত্ৰিপুৰা আদিৰ সীমান্ত ছীল নকৰিলে কেৱল অসমক চুই যোৱা ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ কোনো অৰ্থ নাই বুলি অগপ নেতা বৰাই মন্তব্য কৰে।