newsnextone.com | ডিজিটেল ডেস্কঃ মাৰ্কিন সংস্থা চেণ্ট্ৰেল ইণ্টেলিজেন্স এজেন্সি চমুকৈ চিআইএ বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক ধৰ্মীয় সন্ত্ৰাসবাদী সংগঠন আখ্যা দিয়ে৷ চিআইএৰ ‘ৱাৰ্ল্ড ফেক্টবুক’ত ধৰ্মীয় সন্ত্ৰাসবাদী আখ্যা দিয়ে বিশ্ব হিন্দু পৰিষদ আৰু বজৰং দলক৷ কেৱল ইমানে নহয় ৰাজনীতিত ব্যৱহৃত সংগঠন আখ্যা দিয়ে দুই সংগঠনক৷
কেৱল বজৰং নতুবা বিশ্ব হিন্দু পৰিষদে নহয় জমিয়ত উলেমা-ই-হিন্দ আৰু হুৰিয়ৎ কনফাৰেন্সক পলিটিকেল প্ৰেচাৰ গ্ৰুপ আখ্যা দিয়ে৷ ৰাজনৈতিক ভাৱে চাপ সৃষ্টি কৰা বুলি কয় এই সংগঠনসমূহে৷ কিন্তু এনে সংগঠনসমূহে প্ৰত্যক্ষ ভাৱে নিৰ্বাচনত অংশ নলয়৷ হুৰিয়ৎ কানফাৰেন্স আৰু জমিয়ত-উলেমা-ই-হিন্দক ধৰ্মীয় সংগঠন আখ্যা দিয়ে৷
প্ৰতিবছৰে প্ৰকাশ পোৱা ‘ৱাৰ্ল্ড ফেক্টবুকত’ বিশ্বৰ ২৬৭ খন দেশৰ ইতিহাস, জনগণ, প্ৰশাসন, অৰ্থনীতি, শক্তি, ভূগোল, যোগাযোগ, পৰিবহন, সেনাবাহিনী সম্পৰ্কত তথ্য প্ৰকাশ কৰে৷ ১৯৬২ চনৰ পৰা এই তথ্য প্ৰকাশ কৰি আহিছে৷
বিজেপিয়ে চিআইএৰ মন্তব্যক খাৰিজ কৰিছে৷ চিআইএৰ বিৰুদ্ধে আইনৰ সহায় লোৱাৰ কথা উল্লেখ কৰে বিজেপিয়ে৷