ৰঙিয়াঃ কামৰূপৰ ৰঙিয়া মহকুমাৰ কেন্দুুুকোনাত শুকুৰবাৰে কমলপুৰ সমষ্টিৰ বিধায়ক সত্যব্ৰত কলিতা, ৰঙিয়া সমষ্টিৰ বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত আন্তঃজিলা ছাব জুনিয়ৰ কাবাডী পুৰুষ-মহিলাৰ প্ৰতিযোগিতা উদ্বোধন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে৷ 

অনুষ্ঠিত ১০তম পুৰুষ-মহিলাৰ আন্তঃজিলা ছাব জুনিয়ৰ কাবাডী প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে অলিম্পিকৰ পৰা গল্ড মেডেল আনিব পাৰিলে ১ কোটি কেচ দিয়া হ’ব বুলি ঘোষণা কৰে৷ ডিএছপি, মেজিষ্ট্ৰেট অথবা ডিটিঅ’ পদত নিযুক্তি দিয়া হ’ব বুলি শুকুৰবাৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ৰঙিয়াৰ কেন্দুকোনাত উল্লেখ কৰে৷ 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰতিযোগিতা উদ্ধোধন কৰি সাংবাদিকৰে মুখামুখি হৈ আৰু কয় ‘‘আমাৰ চৰকাৰে খেলুৱৈ সকলৰ বাবে নীতি নিৰ্ধাৰণ কৰিছে। এতিয়া খেলুুৱৈসকলে কঠোৰ পৰিশ্ৰম-সাধনাৰ জৰিয়তে নিজকে সেই পৰ্যায়লৈকে নিয়াৰ বাবে প্ৰস্তুত কৰাৰ নিমিত্তে প্ৰয়াস কৰক৷ খেল জগত খনক অধিক শক্তিশালী কৰাৰ বাবে এই বেলি বাজেটত এখন ক্ৰীড়া বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰাৰ বাবে সিদ্ধান্ত লৈছো। লক্ষ্য হৈছে গুৱাহাটীক ভাৰতবৰ্ষৰ ক্ৰীড়া ৰাজধানী হিচাপে প্ৰতিষ্ঠা কৰা।’’

সমগ্ৰ অসমৰ বৰাক, ব্ৰহ্মপুত্ৰ, পাহাৰ ভৈয়ামৰ ৩৩খন জিলাত যিমান সংখ্যক প্ৰতিভা সম্পন্ন খেলুৱৈ আছে তেওলোকক উৎসাহ দিযাৰ নিমিত্তে পঞ্চায়তে পঞ্চায়তে প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ এইবাৰ বাজেটত ধন ধাৰ্য কৰা হৈছে। এতিয়া খেলুুৱৈসকলৰ বাবে সুৱৰ্ণ সুযোগ, এই ক্ষেত্ৰত মাতৃ-পিতৃ, শিক্ষক-শিক্ষয়ত্ৰীসকলে নিজৰ পুত্ৰ-কন্যা, ছাত্ৰ-ছাত্ৰীসকলক উদগনি দিয়াতো আমি বিচাৰো। 

যাতে খেলৰ যোগেদি এগৰাকী ভাল নাগৰিক, এগৰাকী আদৰ্শ ব্যক্তি আৰু এগৰাকী সফল ব্যক্তি হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰিব পাৰে। যিসকলে অলিম্পিকৰ পৰা গল্ড মেডেল আনিব তেওঁলোকক ১ কোটি কেচ পইছা দিয়া হব, লগতে ডিএছপি, মেজিষ্ট্ৰেট অথবা ডিটিও এনেধৰনৰ পদত নিযুক্তি দিয়া হব বুলি সংবাদ মাধ্যমক জানিবলৈ দিয়ে৷