বৰপেটাঃ পুৰুষত্ব হৰণৰ অপচেষ্টা চলাইছে দুষ্টচক্ৰই। আজি এনে এক উৰা বাতৰিক লৈ সমগ্ৰ বৰপেটা জিলাৰ সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহ বিশেষকৈ সৰুক্ষেত্ৰী, বাঘবৰ, জনীয়া, কলগাছিয়া, কয়াকুছি, বৰবালা, জাৰাবাৰী, ভুলুকাবাৰী অঞ্চলত হুলুস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়৷

প্ৰকৃততে কোনো দুষ্ট চক্ৰই উদ্দেশ্য প্ৰণোদিতভাৱে পুৰুষত্ব হৰণৰ চেষ্টা চলিছে বুলি সংখ্যালঘু বসতিপ্ৰধান অঞ্চলসমূহত সম্পূৰ্ণৰূপে ভিত্তিহীন প্ৰচাৰ চলায়৷ বাতৰিটো ৰাইজৰ মাজত বনজুইৰ দৰে বিয়পি পৰাৰ লগে লগে স্কুলীয়া ছাত্ৰ-ছাত্ৰীয়ে ঘৰলৈ দৌৰিবলৈ ধৰে৷

শিক্ষক-শিক্ষয়িত্ৰীসকলে বাধা দিয়াৰ চেষ্টা কৰে যদিও একাংশ অভিভাৱকে জোৰ কৰি নিজৰ নিজৰ সন্তানক স্কুলৰ পৰা লৈ যায়৷  

ঘটনা সম্পৰ্কত আমছুৰ বৰপেটা জিলা সমিতিৰ সভাপতি নজৰুল ইছলাম আৰু উপ-সভাপতি মনিৰুজ জামানে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে আধুনিক বিশ্বৰ মানুহ হৈ এনে উৰাবাতৰিক বিশ্বাস কৰাটো দূৰ্ভাগ্যজনক৷ এনে পৰিস্থিতি কিয় আৰু কেনেকৈ হ’ল আৰু ইয়াৰ প্ৰকৃত ৰহস্য কি, কোন কোন ইয়াৰ লগত জড়িত তাৰ এক উচিত তদন্ত কৰি দূষ্টচক্ৰক উপযুক্ত শাস্তি প্ৰদানৰ দাবী জনাইছে সংগঠনটোৱে৷