গুৱাহাটীঃ নৰেন্দ্ৰ মোদীক আদৰ্শ ৰূপে লৈ শাসনৰ গাদীত বহা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এতিয়া প্ৰতিটো ক্ষণতেই এজন দুৰ্নীতিগ্ৰস্ত বিষয়াৰ ওপৰত নিৰ্ভৰ কৰি ৰাজ্য চলাবলগীয়া হৈছে৷ সেই বিষয়াগৰাকীক কেন্দ্ৰীয় চৰকাৰৰ ৰাজহুৱা অভিযোগ মন্ত্ৰণালয়ে ক্ষমতাৰ অপব্যৱহাৰ কৰা বুলি ২৭ এপ্ৰিলত এক পত্ৰ প্ৰেৰণ কৰিছিল৷ এই গুৰুতৰ অভিযোগ অসম পাব্লিক ৱৰ্কৰ্ছৰ৷

অসম পাব্লিক ৱৰ্কৰ্ছৰ সভাপতি অভিজত শৰ্মাই আজি মহানগৰীৰ দিছপুৰ প্ৰেছ ক্লাবত এখন সংবাদমেলৰ আয়োজন কৰি শাসনাধিষ্ঠিত বিজেপি চৰকাৰ তথা মুখ্যমন্ত্ৰীৰ প্ৰধান সচিবৰ বিৰুদ্ধে এই গুৰুতৰ অভিযোগ উত্থাপন কৰি সৰৱ হৈ পৰে৷ সংবাদ মেলখনত মুখ্য সচিবৰ বিৰুদ্ধে হাজাৰ হাজাৰ টকাৰ কেলেংকাৰীৰ অভিযোগ থকা বুলিও কয় সংগঠনটোৰ সভাপতিগৰাকীয়ে৷

♦ পিপাৰছেনিয়াৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ পাব্লিক ৱৰ্কছৰ

ৰাজ্যজুৰি হৈ-চৈৰ সৃষ্টি কৰা কৃষি বিভাগৰ তিনি হাজাৰ কোটিটকীয়া কেলেংকাৰী সংঘটিত হোৱাৰ সময়ত বৰ্তমানৰ মুখ্য সচিবগৰাকী উৎপাদন আয়ুক্ত আছিল বুলি অভিজিত শৰ্মাই উল্লেখ কৰি এনে এজন বিষয়াই অসমৰ মুখ্যমন্ত্ৰীৰ গতিবিধি থিৰাং কৰা বুলি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক একপ্ৰকাৰ অট্টহাস্য কৰে৷

যিগৰাকী ভি কে পিপাৰছেনিয়াৰ ক্ষমতাৰ অপব্যৱহাৰৰ কথা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ক অৱগত কৰিবলগীয়া হৈছে, তেনে এজন লোকৰ চাকৰিকাল বৃদ্ধি কৰাৰ যো-জা চলাই থকা বুলি সংগঠনটোৰ নেতৃত্বই অভিযোগ আনে। চাকৰিৰকাল বৃদ্ধি কৰাটোক দুৰ্ভাগ্যজনক আখ্যা দি এনে হঠকাৰী সিদ্ধান্ত নল’বলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায় সংগঠনটোৱে।

ভি কে পিপাৰছেনিয়াৰ কেলেংকাৰীৰ আভাস দিবলৈ গৈ সংবাদ মেলত সংগঠনটোৱে আৰু কয়, 'ৰাজহ আৰু দুৰ্যোগ প্ৰশমন বিভাগৰ প্ৰধান সচিব হৈ থাকোঁতে তেওঁৰ জ্ঞাতসাৰে দিছপুৰত ৫০ কঠা মাটি বিল্ডৱৰ্থক গতাই দিছিল। দুৰ্যোগ প্ৰশমনৰ নামত কি কৰিছিল সেই অধ্যায়ো পৰ্যায়ক্ৰমে খোল খাব।’ পিপাৰছেনিয়াৰ বিৰুদ্ধে ভিজিলেন্স আৰু আৰু এণ্টি-কৰাপচনে গঁড়হত্যা সন্দৰ্ভত দিয়া প্ৰতিবেদন গাপ দিয়াৰো অভিযোগ আছে বুলি উল্লেখ কৰি এইদৰে কয় শৰ্মাই।

তেওঁ আৰু কয় যে এই বিষয়ে প্ৰধানমন্ত্ৰী কাৰ্যালয়কো অৱগত কৰা হৈছে। সংগঠনটোৱে কৃষি বিভাগৰ তদন্তৰ আওতালৈ পিপাৰছেনিয়াকো আনাৰ দাবী জনায়৷ সেয়া কৰিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব বুলি কয়। ইয়াৰ বাহিৰেও কৃষি কেলেংকাৰিৰ তদন্তৰ আওতাত নডেল বিষয়া কৈলাস চন্দ্ৰ তালুকদাৰ, আয়ুক্ত অম্লান বৰুৱা, তদানীন্তন কৃষিমন্ত্ৰী নীলমণিসেন ডেকা, মন্ত্ৰীৰ ভতিজাক জয়ন্তসেন ডেকা, মাজাম আলী আকণ্ড, জলিল আলীকো সাঙুৰি ল’বলৈ দাবী জনায়।

বিল্ডৱৰ্থ নামৰ নিৰ্মাণ সংস্থাটোৰ বিৰুদ্ধেও গুৰুতৰ অভিযোগ উত্থাপন কৰে সংগঠনটোৱে। বিল্ডৱৰ্থে গৃহ নিৰ্মাণৰ অনুমতি বিচাৰি আবেদন কৰা ফাইলৰ বহু তথ্য হেৰোৱা বুলি জি এম ডি এই ১১ মে’ত ভঙাগড় থানাত এজাহাৰ দাখিল কৰা কাৰ্যত ৰহস্যৰ গোন্ধ আছে বুলিও উল্লেখ কৰে সংগঠনটোৱে।

কাগজ হেৰোৱা বুলি কোৱা কথাটোৱে বেআইনীভাৱে দিছপুৰৰ ৫০ কঠা মাটি লোৱা সংগঠনটোৰ অভিযোগক সত্য প্ৰমাণিত কৰে বুলি সংবাদমেলত যুক্তি দিয়ে। সংবাদমেলত সংগঠনটোৱে ৫০ কঠা ভূমি আবণ্টন দিয়াৰ ক্ষেত্ৰত তদানীন্তন অতিৰিক্ত উপায়ুক্ত পুৰু গুপ্তা, মুখ্য সচিব পিপাৰচেনিয়া আৰু বিল্ডৱৰ্থৰ প্ৰবন্ধক দীপক সিঙকে আদি কৰি কেইবাজনো নামী-দামী লোকৰ বিৰুদ্ধে তদন্তৰ ব্যৱস্থা কৰিবলৈ মুখ্যমন্ত্ৰীক দাবী জনায় সংগঠনটোৱে।