বাহাকাবাৰীঃ ৰাজ্য চৰকাৰে দুৰ্নীতি মুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি দিলেও ৰাজ্যৰ একাংশ দুৰ্নীতি পৰায়ণ বিষয়া-কৰ্মচাৰীয়ে বৰ্তমানেও বিভিন্ন চৰকাৰী আঁচনিত অব্যাহত ৰাখিছে দুৰ্নীতি-অনিয়ম। যাৰ ফলশ্ৰুতিত চৰকাৰী আঁচনিৰ সফল ৰূপায়ণত বাধা আহি পৰিছে। 

অন্যান্য আঁচনিৰ কথা বাদেই ১২ হাজাৰ টকীয়া অনাময় আঁচনিৰ শৌচাগাৰ নিৰ্মাণটো ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলিছে স্থানীয় ৰাইজে। ৰাজ্যৰ অন্যান্য ঠাইৰ লগতে নগাঁও জিলাৰ ৰহা সমষ্টিৰ অন্তৰ্গত বগলাজান গাঁও পঞ্চায়তত অনাময় আঁচনিৰ শৌচালয় নিৰ্মাণত বিষয়া কৰ্মচাৰী, ঠিকাদাৰ, ৰাজনৈতিক নেতা-পালিনেতাই অবাধ দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ পোৱা গৈছে৷

ঠিকাদাৰে অতি নিম্ন মানৰ ইটা, বালি, চিমেন্ট, কাঠ, টিং আদিৰে শৌচাগাৰ নিৰ্মাণ কৰাৰ লগতে বিভাগীয় নীতি-নিৰ্দেশনা মতে সামগ্ৰী যোগান নধৰি কম মূল্যৰ সামগ্ৰীৰে নিৰ্মাণ কৰা শৌচাগাৰ ব্যৱহাৰৰ অনুপযোগী হৈ পৰাৰ অভিযোগ উত্থাপিত হৈছে।

আনহাতে বগলাজান ৭ নং ৱাৰ্ডত বৰ্তমানৰ লৈকে অনাময় আঁচনি শৌচাগাৰ নিৰ্মাণ কৰা নাই বুলি জানিবলৈ দিছে স্থানীয় ৰাইজে। কাম নকৰাকৈ আঁচনিৰ ধন মোকলাই নিয়াৰো অভিযোগ তুলিছে স্থানীয় ৰাইজে। কিন্তু বিভাগীয় কতৃপক্ষই এই ক্ষেত্ৰত নেদেখাৰ ভাঁও দিয়াত ৰাইজৰ চকু কপালত উঠিছে।

ইয়াৰ অন্তৰালত ৰহস্য আছে বুলিও ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। ভুক্তভোগী হিতাধিকাৰীসকলে এই ক্ষেত্ৰত শীঘ্ৰে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে।