কলকাতাঃ অৱশেষত চুবুৰীয়া পশ্চিমবংগ আহি পালে সমগ্ৰ বিশ্ববাসীক আতংকিত কৰি ৰখা মাৰাত্মক কৰ’না ভাইৰাছ। ইমানদিনে কৰ’না সন্দেহত পশ্চিমবংগত কেবাজনো লোকক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও কাৰো দেহত ৰোগবিধ ধৰা পৰা নাছিল। কিন্তু মঙলবাৰে নিশাৰ ভাগত ইংলেণ্ডৰ পৰা ওভতা এজন যুৱকৰ দেহত ধৰা পৰে covid-19ৰ সংক্ৰমণ। ইতিমধ্যে যুৱকজনক বেলেঘাটা আইডি হাস্পতালত বিশেষ আইছ’লেশ্যন ৱাৰ্ডত ৰখাৰ ব্যৱস্থা কৰিছে পশ্চিমবংগৰ স্বাস্থ্য বিভাগে।
পশ্চিমবংগৰ স্থানীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি মতে যোৱা ১৫ মাৰ্চত ইংলেণ্ডৰ পৰা দেশলৈ উভতিছিল ৰাজ্যখনৰ এগৰাকী শীৰ্ষ আমোলাৰ পুত্ৰ উক্ত যুৱকজন। ইংলেণ্ডত এক পাৰ্টীত অংশগ্ৰহণ কৰিছিল যুৱকজনে। উক্ত পাৰ্টীত উপস্থিত থকা ৪জনৰ শৰীৰত ধৰা পৰিছিল কৰ’না ভাইৰাছ। অৱশ্যে ভাৰতলৈ ওভতাৰ পথত যুৱকজন কৰ’না ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হোৱাৰ কোনো লক্ষণ দেখা পোৱা হোৱা নাছিল।
লক্ষণ দেখা পোৱা নগ’লেও ইংলেণ্ডৰ পৰা ওভতা বাবেই সোমবাৰে ঘৰতেই বিশেষভাৱে ৰখাৰ ব্যৱস্থা কৰা হৈছিল যুৱকজনক। তাৰ পৰাই তেজৰ নমুনা সংগ্ৰহ কৰি প্ৰেৰণ কৰা হৈছিল বেলেঘাটা আইডি হাস্পতাললৈ। আজি সন্ধিয়া ৰিপ’ৰ্ট অহাৰ লগে লগেই সমগ্ৰ কলকাতা তথা পশ্চিমবংগতে বিয়পি পৰে সেই খবৰ।
চিকিৎসালয় কৰ্তৃপক্ষই জনোৱা মতে ৰিপ’ৰ্টত যুৱকজনৰ শৰীৰত কৰ’না ভাইৰাছ পজিটিভ পোৱা গৈছে। ইয়াৰ পিছতে ইংলেণ্ডলৈ অহাৰ পিছত যুৱকজন যিসকল লোকৰ সংস্পৰ্শলৈ আহিছিল সেই আটাইবোৰ লোককে চিনাক্ত কৰি স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰা হৈছে। ইতিমধ্যে যুৱকজনৰ পিতৃ-মাতৃ, আৰু গাড়ী চালকজনৰ স্বাস্থ্য পৰীক্ষা কৰি কোয়াৰেণ্টাইনত ৰখাৰ ব্যৱস্থা কৰিছে স্বাস্থ্য বিভাগে।
ভাৰতত কৰ’না ভাইৰাছত নিহতৰ সংখ্যা ৩জনলৈ বৃদ্ধি
ভাৰতত কৰ’না ভাইৰাছত নিহতৰ সংখ্যা মঙলবাৰে বৃদ্ধি পাই ৩ জনলৈ। আজি মুম্বাইৰ এখন হাস্পতালত মৃত্যু হয় কৰ’নাত আক্ৰান্ত এগৰাকী ৬৪ বছৰীয়া লোকৰ। চৰকাৰী সূত্ৰই সদৰী কৰা মতে এই পৰ্যন্ত পশ্চিমবংগত প’জিটিভ পোৱা হোৱা যুৱকজনৰ সৈতে ভাৰতত কৰ’নাত আক্ৰান্ত লোকৰ সংখ্যা হৈছে ১৪২গৰাকী।
ইতিমধ্যে ভাৰত চৰকাৰে সতৰ্কতামূলক ব্যৱস্থা হিচাপে সকলো ৰাজ্য চৰকাৰলৈ প্ৰয়োজনীয় নিৰ্দেশনা প্ৰেৰণ কৰাৰ লগতে ইউৰোপিয়ান ইউনিয়ন, চীন, মালয়েছিয়া, আফগানিস্তানকে আদি কৰি একাধিক দেশৰ পৰা ভাৰতলৈ চলাচল কৰা বিমানসেৱা বন্ধ ৰাখিছে। আনহাতে সম্ভাৱ্য যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিব পৰাকৈ প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিছে ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিচাৰ্ছ কৰ্তৃপক্ষই।
অসমতো ৰাজ্য চৰকাৰে বিদ্যালয়সমূহ বন্ধ ৰখাৰ লগতে ছিৰিয়াখানা, পাৰ্ক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰিছে। এই পৰ্যন্ত অসমৰ এজনো লোক কৰ’নাত আক্ৰান্ত হোৱাৰ বাতৰি পোৱা হোৱা নাই যদিও দিনিদিয়েক পূৰ্বে অসম ভ্ৰমণ কৰা মাৰ্কিন পৰ্যটক এজনৰ দেহত ভূটানত কৰ’না পজিটিভ ধৰা পৰা বিষয়টোৱে বহুতকে উদ্বিগ্ন কৰি ৰাখিছে।