আংশিক লকডাউনৰ দিশে কৰ্ণাটক

ডিজিটেল ডেস্ক,১১ আগষ্টঃ কৰোনাৰ ভয়াৱহাতাৰ দিশে পুনৰ আগবাঢ়িছে দেশ৷আশংকা কৰামতেই তৃতীয় ঢৌৰ পৰিৱেশৰ সূচনা হবলৈ যেন আগবাঢ়িছে দুখনমান ৰাজ্য৷বিশেষকৈ কৰ্ণাটকৰ ৰাজধানী বাংগালুৰুত বিগত ৫ দিনত ২৪২ গৰাকী শিশু কাল কৰোনাত আক্ৰান্ত হোৱা ঘটনাই শংকিত কৰি তুলিছে সকলোকে। বৃহৎ বাংগালুৰু মহানগৰ পালিকাৰ তথ্যমতে বিগত ৫ দিনত ১৯ বছৰৰ তলৰ ২৪২ গৰাকীৰ দেহত ধৰা পৰিছে কৰোনাৰ ভাইৰাছ।

বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে কোৰোণাৰ তৃতীয় ঢৌৰ এয়া আৰম্ভণি৷ আক্ৰান্তসকলৰ ভিতৰত ১০৯ গৰাকীৰ বয়স ৯ বছৰৰ তলত আৰু ১৩৬ গৰাকীৰ বয়স ৯ৰ পৰা ১৯বছৰৰ ভিতৰত। কৰ্ণাটক স্বাস্থ্য বিভাগে সাৱধানবাণী দিছে যে আগন্তুক দিনত শিশুৰ আক্ৰান্তৰ হাৰ বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ইয়াৰ লগে লগেই কৰোনাৰ তৃতীয় ঢৌত শিশু অধিক আক্ৰান্ত হ'ব পাৰে বুলি কৰি থকা আশংকাও যেন সত্য প্ৰমাণিত হৈছে।

কৰ্ণাটকৰ স্বাস্থ্য বিভাগৰ এজন বিষয়াই কয় যে "ডাঙৰ বিপদ আহি আছে, আগন্তুক কেইদিনমানতে শিশু আক্ৰান্তৰ সংখ্যা হ'ব পাৰে তিনিগুণ।" তেওঁ আৰু কয় যে "আমি আমাৰ শিশুসকলক একমাত্ৰ ঘৰৰ ভিতৰত ৰাখিয়েই কৰোনাৰ তৃতীয় লহৰত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা কৰিব পাৰিম। শিশুসকলৰ ৰোগ প্ৰতিৰোধী ক্ষমতা জেষ্ঠ্যসকলতকৈ কম হয় আৰু সেয়ে তেওঁলোক সহজে আক্ৰান্ত হোৱাৰ আশংকা থাকে। সেয়ে শিশুসকলক কোনো কাৰণতে ঘৰৰ পৰা বাহিৰলৈ নিনিয়াকৈ থকাটোৱেই হৈছে অভিভাৱকৰ বাবে উত্তম উপায়।" উল্লেখ্যযোগ্য যে কৰ্ণাটকত যোৱা এমাহত দৈনিক ১৫০০ৰ বেছি লোক কোৰোণাত আক্ৰান্ত হৈ আছিল। শেহতীয়াকৈ ৰাজ্যখনত পুনৰ নৈশ আৰু সাপ্তাহান্তিক সান্ধ্য আইন বলৱৎ কৰা হৈছে। ৰাজ্যখনত প্ৰবেশৰ বাবে লাগিব ৭২ ঘণ্টাৰ ভিতৰৰ RTPCR পৰীক্ষাৰ প্ৰমাণ পত্ৰ।

এক সূত্ৰৰ মতে ১৬ আগষ্টৰ পৰা সমগ্ৰ ৰাজ্যখনতে আংশিক লকডাউন ঘোষণা কৰা হ'ব। ইয়াৰ পৰিপ্ৰেক্ষিতত শিক্ষানুস্থান সমূহ খোলাৰ ক্ষেত্ৰত পুনৰবাৰ অনিশ্চয়তাই দেখা দিছে সমগ্ৰ দেশতেই৷আমাৰ ৰাজ্যত বৰ্তমানলৈ যদিওঁ তৃতীয় ঢৌৰ কোনো উমঘাম নাই,চেপ্তেম্বৰলৈ পৰিস্থিতি ভয়ানক হোৱাৰ এক আশংকা কৰিছে একাংশ স্বাস্থ্যবিভাগৰ বিষয়ববীয়াই৷