গুৱাহাটীঃ অহা ২৬ ডিচেম্বৰৰ পৰা ৩০ ডিচেম্বৰলৈ গুৱাহাটীৰ জজ খেলপথাৰত উত্তৰ-পূৱ দিবা-নৈশ টেনিছ বল ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ’ব।

জে জগন্নাথ এডভাৰ্টাইজিং আৰু মেডিয়াৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া প্ৰতিযোগিতাত চেম্পিয়ন দলক ৫০,০০০ টকা, ৰানাৰ্ছ আপ দলক ২৫,০০০ টকা আৰু মেন অৱ দ্যা ছিৰিজ ১০,০০০ টকা প্ৰদান কৰিব।

এই টূৰ্নামেণ্টখনত যোগদানৰ মাছুল ৪০০০ টকা ধাৰ্য কৰা হৈছে। ইচ্ছ্যুক দল সমুহে 9706088093,9864085714 আৰু 9435108942 ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিয়ে৷