ফখৰুল ইছলাম,দৰংঃ দৰঙৰ দলগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত দহ খনৰো অধিক গাঁও ধনশিৰি নৈ'ৰ বাঢ়নি পানীয়ে প্লাবিত কৰাৰ ফলত শ শ বিঘা শালি খেতি, মৰা পাট শাক-পাচলি বিনষ্ট হৈছে।
গাঁওবোৰ সম্পূৰ্ণ জলমগ্ন হৈ পৰাত গঁঞা ৰাইজে চৌকা জ্বলাব পৰা নাই, গৰু ছাগলীবোৰক লৈ ৰস্তাৰ মাজত চালি বান্ধি আশ্ৰয় লৈ আছে।ধনশিৰি নৈ খনৰ দুয়োপাৰে অতি নিম্নমানৰ জি অ বান্ধ দিয়াৰ ফলত পূৱ দক্ষিন দিশত থকা বেছিমাৰী গাঁৱৰ মাথাউৰি আৰু ৰঙাগড়া গাঁৱলৈ যোৱা নতুনকৈ নিৰ্মীয়মাণ হোৱা ৰাস্তা বানে খহাই নিয়াৰ ফলত বহুকেইখন গাঁও প্লাবিত হয়।
ধনশিৰি নৈ'ৰ বাঢ়নি পানীয়ে বেছিমাৰী, ৰহমান পূৰ, ভৱপুৰ, ৰঙাগড়া পথাৰ, ঘিলাধাৰী, কাছোমাৰী নেপালী, ৪ নং শিয়াল মাৰী, শিয়াল মাৰী নেপালী, কাছোমাৰী সোনাৰী, নদীৰ পাৰ আৰু বগৰিবাৰি, আদি গাঁও প্লাবিত কৰি বিস্তৰ ক্ষতি সাধন কৰে৷ এই ক্ষেত্ৰত বানৰ কবলত পৰি থকা লোক সকলক জনপ্ৰতিনিধি তথা প্ৰশাসনে আজিকোপতি খবৰ লবলৈ সময় পোৱা নায়৷