দৰংঃ সদ্য ঘোষিত হাইস্কুল আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ চূড়ান্ত পৰীক্ষাৰ ফলাফলত শতকৰা ৮০ শতাংশৰ উৰ্ধ নম্বৰ লাভ কৰি সুখ্যাৰ্তিৰে উত্তীৰ্ণ হোৱা দুই শতাধিক ছাত্ৰ-ছাত্ৰীক দৰঙৰ খাৰুপেটীয়া অসম ক্লাব আৰু খাৰুপেটীয়া মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত পৃথকে পৃথকে সম্বৰ্ধনা জনোৱা হয়৷
দৰঙৰ খাৰুপেটীয়াৰ স্বেচ্ছাসেৱী অনুষ্ঠান অসম ক্লাবৰ উদ্যোগত আৰু খাৰুপেটীয়া মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত দেওবাৰে পৃথকভাৱে অসম ক্লাব আৰু তেৰাপন্থ ভৱন প্ৰেক্ষাগৃহত দুইশ আশী গৰাকী কৃতী ছাত্ৰ-ছাত্ৰীক একোখন ফুলাম গামোচা, আৰু মানপত্ৰ আদিৰে সম্বৰ্ধনা জনোৱা হয়৷
সম্বৰ্ধনা অনুষ্ঠানত দলগাঁও চক্ৰ বিষয়া যুৱৰাজ বৰঠাকুৰ, সমাজ সেৱক ৰমিজুদ্দিন, দৰং কংগ্ৰেছৰ সাধাৰণ সম্পাদক মোজাম্মিল হক, খাৰুপেটীয়া পৌৰ সভাৰ সভানেত্ৰী কৃষ্ণা সাহা, আৰক্ষী বিষয়া বিৰাজ মোহন ডেকা, প্ৰমুখ্যে কেবাজনো বিশিষ্ট লোকে কৃতী ছাত্ৰ-ছাত্ৰীৰ উদ্দেশ্যি পৰামৰ্শমূলক তথা গুৰুত্বপূৰ্ণ বক্তব্য দাঙি ধৰে৷
ভাষণ প্ৰসংগত খাৰুপেটীয়া আৰক্ষী বিষয়া বিৰাজ মোহন ডেকাই ছাত্ৰ-ছাত্ৰীক ডাক্তৰ ইঞ্জিনিয়াৰ অফিচাৰ আদি হোৱাৰ আগতে এজন প্ৰকৃত মানুহ হ!বলৈ ছাত্ৰ-ছাত্ৰীক আহ্বান জনায়৷
সম্বৰ্ধনা অনুষ্ঠানত খাৰুপেটীয়াৰ উপৰি মংগলদৈ, ছিপাঝাৰ আদিৰ কৃতী ছাত্ৰ-ছাত্ৰীকো সম্বৰ্ধনা জনোৱা হয় বুলি উদ্যোক্তাই জানিবলৈ দিয়ে৷
ফখৰুল ইছলাম, দৰং