newsnextone.com | ডিজিটেল ডেস্কঃ অপহৰণৰ প্ৰায় ২৪ ঘণ্টাৰ অন্তত উদ্ধাৰ হ’ল ভাৰতীয় সেনা জোৱানৰ মৃতদেহ৷ ঔৰংজেৱ নামৰ সেনা জোৱানজনক বুধবাৰে ৰাজপথৰ পৰা অপহৰণ কৰি নিছল সন্ত্ৰাসবাদীয়ে৷ কাশ্মীৰৰ পুলৱমাৰ পুৰণা মোগল পথৰ সেনা জোৱানজনক অপহৰণ কৰাৰ সন্দেহ কৰা হৈছিল৷ অপহৰণ কাণ্ড সংঘটিত হোৱা ঠাইৰ পৰা কেইবা কিঃ মিঃ নিলগত জোৱান জনৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ হয়৷

এএনআইৰ খবৰ মতে, জোৱানজনৰ ঘৰ কাশ্মীৰৰ পুঞ্জত আছিল আৰু পুলৱমা সেনা শিবিৰত কৰ্মৰত আছিল৷ বুধবাৰে কৰ্তব্য সামৰি নিজৰ গাড়ীৰে পুঞ্জলৈ আহি আছিল৷ সেই সময়ত পুৰণা মোগল পথৰ পৰা গাড়ী ৰখাই অস্ত্ৰধাৰী দলে অপহৰণ কৰি নিয়ে৷

সেনা জাৱান জন ৪৪ ৰাষ্ট্ৰীয় ৰাইফলৰ জোৱান আছিল৷ সন্ত্ৰাসবাদী বিৰোধী অভিযানত সক্ৰিয় আছিল ঔৰংজেৱ৷