চেন্নাইঃ তামিলনাডুত ৫ এপ্ৰিললৈকে কৰ’না ভাইৰাছৰ সংক্ৰমণত ৫ গৰাকী ব্যক্তিৰ মৃত্যু হৈছে। ইয়াৰ সমান্তৰালভাৱে এই একেই সংখ্যক সুৰাসক্ত লোকৰ সুৰা খাবলৈ নোপোৱাৰ ফলত মৃত্যু হৈছে৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশজুৰি ঘোষণা কৰা ২১ দিনীয়া লকডাউন কাৰ্যসূচীৰ ফলত ৰাজ্যখনৰ প্ৰায় এক কোটি সুৰাপায়ী লোক ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে৷
এই এককোটি সুৰাপায়ীসকলৰ ভিতৰত প্ৰায় ৪০ শতাংশ লোক ইতিমধ্যেই সুৰা অবিহনে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ নিয়মীয়াভাৱে সুৰা সেৱন কৰি অহা এই বৃহৎ সংখ্যকে বন্ধৰ সময়ছোৱাত সুৰা সেৱন কৰিবলৈ নোপোৱাত ৰাজ্যখনত এক ভয়ংকৰ স্বাস্থ্য সংকটে দেখা দিব বুলিও স্বাস্থ্য বিভাগে আংশকা প্ৰকাশ কৰিছে।
যোৱা ৫ এপ্ৰিললৈকে ৰাজ্যখনত কৰ’নাত আক্ৰান্ত হৈ ৫ গৰাকী লোকৰ মৃত্যু হৈছে আৰু সমসংখ্যক ৫ গৰাকী সুৰাসক্ত লোকৰো সুৰাৰ অভাৱত মৃত্যু ঘটিছে। নিয়মীয়াকৈ সুৰা সেৱন কৰা এই ৫ জন সুৰাপায়ী লোকে স্বাভাৱিক সুৰাৰ সলনি আন আন উৎসৰ পৰা ভেজাল বা খাব নলগীয়া এলকহল সেৱন কৰাৰ ফলত মৃত্যুমুখত পৰে বুলি জানিব পৰা গৈছে৷