newsnextone.com | ডিজিটেল ডেস্কঃ উত্তৰ কেৰেলাত সোমবাৰে পুৱা নিফা নামৰ ভাইৰাচৰ ফলত উঠা জ্বৰত পুনৰ ২জন লোকৰ মৃত্যু হয়৷ উত্তৰ কেৰেলাত নিফা ভাইৰাচৰ সংক্ৰমণত মৃত্যুমুখত পৰা লোকৰ সংখ্যা ১০ জনলৈ বৃদ্ধি পায়৷ এই ৰোগৰ পৰা মুক্তি পাবলৈ কেন্দ্ৰৰ তৰফৰ পৰা এটি বিশেষজ্ঞৰ দল কেৰেলালৈ প্ৰেৰণ কৰা হৈছে৷ 

ৰাজ্য স্বাস্থ্য সচিব ৰাজীৱ সদানন্দনে জানিবলৈ দিয়া মতে, ইণ্ডিয়ান কাউন্সিল অৱ্ মেডিকেল ৰিচাৰ্ছৰ এটি বিশেষজ্ঞৰ দল সোমবাৰে কেৰেলাৰ কোজিকোডত উপস্থিত হয়৷ নিফা নামৰ সংক্ৰামক ভাইৰাছ বিধৰ পৰা বাচি থাকিবলৈ ৰাজ্যখনৰ সৰ্বত্ৰে চেষ্টা চলোৱা হৈছে৷ আনহাতে ভাইৰাছ বিধৰ পৰা আঁতৰি থকাৰ স্বাৰ্থত ৰাজ্যখনৰ নাগৰিকক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে স্বাস্থ্য বিভাগে৷ 

ৰাজ্যখনৰ স্বাস্থ্য সঞ্চালক আৰ এল চৰিথাই কয়, ‘পুনেৰ নেশ্যনেল ভিৰোলজি ইনষ্টিটিউটে ৰাজ্যখনত মৃত্যু ঘটা ১০ গৰাকী লোকৰ মৃত্যুৰ কাৰণ নিফা ভাইৰাছ বুলি নিশ্চিত কৰিছে৷ এটি পৰিয়ালৰ তিনিজন সদস্য এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যুমুখত পৰাৰ পিছতে আমি ভাইৰাছবিধক লৈ চিন্তিত হৈ পৰিছো৷’

বাদুলি, গাহৰি আৰু অন্যান্য জীৱ জন্তুৰ মাধ্যমেৰে নিফা ভাইৰাছ মানুহলৈ সংক্ৰমিত হয় বুলি গৱেষকসকলে নিশ্চিত কৰিছে৷ কেৰেলাত প্ৰথমবাৰৰ বাবে এই ভাইৰাছে ত্ৰাসৰ সৃষ্টি কৰিছে৷ আনহাতে এই ভাইৰাছ প্ৰতিৰোধ কৰিব পৰাকৈ এতিয়াও কোনো ঔষধ আৱিস্কাৰ হোৱা নাই৷ এই ৰোগৰ চিকিৎসা কেৱল সঠিক যত্ন আৰু সাধাৰণ ঔষধ বুলি ডাক্তৰ-গবেষকসকলে মত প্ৰকাশ কৰিছে৷ 

কেৰেলাত এই ৰোগত আক্ৰাম্ত হৈ ১০ জনৰ মৃত্যু ঘটাৰ উপৰিও ১২ গৰাকী লোক চিকিৎসালয়ত ভৰ্তি হৈ থকা বুলি জানিব পৰা গৈছে৷ আনহাতে জ্বৰত আক্ৰান্ত ৰোগীসকলৰ ওপৰত নজৰ ৰখা হৈছে৷ তদুপৰি এই ভাইৰাছৰ সংক্ৰামনৰ বলি হোৱা লোকসকলৰ ওচৰ-চুবুৰীয়াসকলক অন্য সুৰক্ষিত ঠাইলৈ স্থানান্তৰিত কৰা হৈছে বুলিও জানিব পৰা গৈছে৷

ৰাজ্যখনৰ স্বাস্থ্য বিভাগে নিফা ভাইৰাছত আক্ৰান্ত ৰোগী সকলৰ চিকিৎসাৰ বাবে আৰু যাতে সেই ৰোগ আনলৈ সংক্ৰামিত হ’ব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰী-বেচৰকাৰী চিকিৎসালয়ত পৃথক চিকিৎসা কক্ষৰ ব্যৱস্থা কৰিছে৷