ডিজিটেল ডেস্কঃ  তিনিবাৰকৈ তালাক আৰু হালালৰ বিৰুদ্ধে সংঘৰ্ষত লিপ্ত হোৱা চবনম ৰাণীক এচিড আক্ৰমণৰ খবৰে গোটেই অঞ্চলত আতংকৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে চবনমৰ দেউৰৰ লগতে তেওঁৰ সহপাঠী সকলে মিলি এই ঘৃণনীয় কাণ্ড সংঘটিত কৰে৷ গম্ভীৰ অৱস্থাৰ লগত যুঁজ দি থকা চবনমক জিলাৰ সমীপৰ হাস্পতালত ভৰ্তি কৰোৱা হয়৷ 

জানিব পৰা সূত্ৰে দিল্লীৰ নিৱাসী চবনম বুলন্দনগৰত অৱস্থিত অগৌতা থানাৰ জৈলীগড়লৈ বিয়া হৈছিল৷ নতুন আশাৰে নতুন ঘৰলৈ আহি পৱিত্ৰ বান্ধোনত বান্ধ খাই পৰিছিল চবনম৷ কিন্তু নিয়তিয়ে যেন মানি নল’লে সেয়া৷ বিয়াৰ কেইদিনমান পাছতেই নিজৰ স্বামীয়ে চবনমক তিনিবাৰকৈ তালাক দি পৱিত্ৰ বন্ধনৰ পৰা মুক্ত কৰি দিয়ে৷ সিমানতে ক্ষান্ত নাথাকি নিজৰ দেউৰৰ লগত শাৰীৰিক সম্বন্ধ বনাবলৈ মানসিকভাৱে চাপ দিছিল চবনমক৷ এই ঘটনাৰ পাছত বিতৃষ্ণা জন্মা চবনমে শহুৰেকৰ ঘৰ এৰি নিজা গৃহলৈ গুচি যায়৷ তথাপিও কোনোবা এখিনিত যেন শহুৰেকৰ ঘৰখনৰ প্ৰতি সহানুভূতি থকা চবনমে এৰি অহা স্বামীৰ ঘৰলৈ যায়৷ 

জীৱনলৈ ঘোৰ অমানিশা নামি অহা দিনটো সেইদিনাই আছিল৷ স্বামীৰ ঘৰলৈ যোৱাৰ অৱস্থাত বিবেক দংশন হোৱা নিজ দেউৰেকে সহপাঠীৰ লগত মিলি চবনমৰ ওপৰত এচিডেৰে আক্ৰমণ কৰে৷ কিংকৰ্তব্যবিমূঢ় হৈ পৰা চবনমৰ অৱস্থা আছিল অতি দুখজনক৷ মূমূৰ্ষ অৱস্থাত থকা স্থানীয় লোকে ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰাই চবনক৷ উল্লেখযোগ্য যে বুলন্দচহৰৰ সমীপৰ কৌতবালী অঞ্চলৰ দিপ্তীগঞ্জ বস্তিত এই ভয়ানক কাণ্ড সংঘটিত হৈছিল৷ আৰোপী চবনমৰ দেউৰৰ লগতে গাঁৱৰ প্ৰাক্তন মুখিয়াল হমদল্লীৰ বিৰোধে অভিযোগ দাখিল কৰাৰ বিষয়ে আৰক্ষীয়ে জানিবলৈ দিয়ে৷ যিহেতু উচ্চ ন্যায়ালয়ে তিনিবাৰকৈ তালাকৰ বিষয়ক সাংবিধানিকভাৱে অবৈধ বুলি স্বীকৃতি প্ৰদান কৰে৷ তাৰ পাছতো এনে কাম কৰিবলৈ সাহ কৰা দোষীক শাস্তি প্ৰদান কৰাৰ বাবে ন্যায় বিচাৰে চবনমে৷