গুৱাহাটীঃ ৰাইজৰ বাবে মুকলি হ’ল ঢলা-শদিয়া দলং। প্ৰধানমন্ত্ৰী অহাৰ পূৰ্বেই মুকলি হ’ল দলংখন। অসমক এক নতুন মাত্ৰা দিবলৈ ওলোৱা এই বিশেষ দলংখন বাইক চলাই মুকলি কৰে অসমৰ অন্যতম জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীয়ে। ২৬ মে’ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুকলি কৰিবলগীয়া দলংখন শদিয়াত আয়োজিত এক সাংস্কৃতিক অনুষ্ঠানৰ পূৰ্বে শিল্পীগৰাকীয়ে মুকলি কৰা বিষয়টোৱে বহুতৰে মাজত ব্যাপক চৰ্চা লাভ কৰিছে।

উল্লেখ্য যে আজিৰ পৰা কেই দিন মান পূৰ্বে শদিয়াত অনুষ্ঠিত এখন বিহু সন্মিলনীত ভাগ ল’বলৈ গৈছিল যুৱ-প্ৰজন্মৰ হাৰ্টথ্ৰ’ৱ জুবিন গাৰ্গে। অনুষ্ঠানৰ পূৰ্বে জুবিনক মটৰ চাইকেল ৰেলীৰে আদৰি নিয়ে আয়োজক সমিতিয়ে। সেই সময়তে প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া দলংখনৰেও যাত্ৰা কৰাৰ সৌভাগ্য হয় শিল্পীগৰাকীৰ।

ঢলা-শদিয়াৰ এই দলংখনেৰে মুকলিৰ পূৰ্বেই এনেদৰে মটৰ চাইকেল যাত্ৰা কৰাৰ সুযোগ লাভ কৰি অভিভূত হৈ পৰে জুবিন। ইয়াৰ পিছতে নিশাৰ ভাগত আৰম্ভ হয় সাংস্কৃতিক অনুষ্ঠান। এটা সময়ত মঞ্চত উঠে জুবিন। জাউৰিয়ে জাউৰিয়ে হাত-চাপৰিৰে শদিয়াবাসীয়ে প্ৰিয় শিল্পীগৰাকীক আদৰণি জনায়। আৰম্ভ হয় গান। গানৰ মাজে মাজে চলি থাকে জুবিনৰ কথা-বতৰা।

এনে ডুখৰীয়া কথা-বতৰাৰ মাজতে জুবিনে হঠাৎ ঘোষণা কৰে যে ঢলা-শদিয়া দলংখন তেওঁ উদ্বোধন কৰিলে। 'আজি দলংখন অপেনিং কৰি দিলো মই। এতিয়া চবে অহা-যোৱা কৰিব পাৰিব।’-দলং মুকলি কৰা বুলি ঘোষণা কৰি এইদৰে কয় জুবিনে। দলংখনেৰে প্ৰথম তেৱেই যাত্ৰা কৰিছে বুলিও গৌৰৱেৰে কয় শিল্পীগৰাকীয়ে।

দেশৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া এখন যুগান্তকাৰী দলং নিৰ্ধাৰিত সময়তকৈ পূৰ্বেই ৰাইজৰ বাবে মুকলি কৰা হ’ল বুলি জুবিনে ৰাজহুৱাকৈ কৰা ঘোষণাই বহুতকে হতভম্ব কৰি তোলে। একাংশ লোকে জুবিনৰ এনে মন্তব্যক অশিল্পীসূলভ আৰু অপৰিপক্ক আখ্যা দিয়াৰ লগতে প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে অপমানসূচক হিচাপেও অভিহিত কৰিছে।

ছ’চিয়েল মিডিয়াতো জুবিনৰ ভুলবোৰৰ বিষয়ে সততে সমালোচনা কৰি অহা কেবাজনো লোকে এই সন্দৰ্ভত পোষ্ট দিয়া দেখা গৈছে। একাংশ লোকে আকৌ জুবিনৰ এই মন্তব্যক ধেমালি হিচাপে ল’বলৈ অসমবাসীক আহ্বান জনাইছে। তেওঁলোকৰ মতে এয়া কোনো কথাৰ কথা নহয়। 'জুবিনে মঞ্চত উঠিলে মাজে মাজে এনেকুৱা কথা কয়েই। এয়া তেওঁৰ ধেমালি। মানুহে ধেমালি বুজি পোৱা উচিত।’-ফেচবুকত এজন লোকৰ মন্তব্য।

আন একাংশই আকৌ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিবলগীয়া দলংখন এনেদৰে নিজে ৰাইজৰ বাবে মুকলি কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰাতো কেনেধৰণৰ ধেমালি বুলিও প্ৰশ্ন উত্থাপন কৰিছে। 'শিল্পী হ'ল বুলিয়েই সকলো কথা মানি ল'ব নোৱাৰি। সকলো কথাতে ধেমালি কৰা অনুচিত।'-জুবিনৰ উক্ত মন্তব্যক বিৰোধিতা কৰা এজন লোকৰ মন্তব্য।