গুৱাহাটীঃ ২০০৪ চনত ৰাজ্য তথা দেশ কপোৱা ধেমাজি জিলাৰ বোমা বিস্ফোৰণৰ ১৫ বছৰৰ মূৰত বৃহস্পতিবাৰে ঘটনাৰ চূড়ান্ত ৰায় প্ৰদান কৰিব আদালতে৷
২০০৪ চনত স্বাধীনতা দিৱসৰ উদযাপনস্থলীত বোমা বিস্ফোৰনেৰে ১০ টা শিশু ৩ গৰাকী মহিলাসহ ১৩ গৰাকী লোকৰ মৃত্যু হৈছিল৷ বিস্ফোৰণ কাণ্ডত জড়িত থকা বুলি প্ৰাক্তন মন্ত্ৰী ভৰত নৰহৰ নাম সাঙোৰ খাই পৰিছিল৷
স্বাধীনতা দিৱস উদযাপনৰ সময়তে সংঘটিত হৈছিল এই ভয়ংকৰ বিস্ফোৰণ।
২০১১ চনত ১৫ অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীয়ে দাখিল কৰিছিল অভিযোগনামা। অভিযুক্ত যতীন দুৱৰী ওৰফে ৰংমন, লীলা খান, দীপাঞ্জলি গোহাঁই, মুহি সন্দিকৈ, প্ৰশান্ত ভূঞা, মোহন চুতীয়া, চন্দ্ৰ নাথ গগৈ, হেমেন গগৈ, গোবিন কলিতা, জয় চন্দ্ৰ চুতীয়া, অপ্সৰা বৰুৱা, জয়া চুতীয়া, জিতেন চুতীয়া, মীন বৰুৱা আৰু ৰছিদ ভৰালীৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰিছিল আৰক্ষীয়ে। ৫৫ গৰাকী সাক্ষীয়ে সাক্ষ্যদান কৰিছিল গোচৰটোত।
ধেমাজি সত্ৰ ন্যায়াধীশৰ আদালতত বিচাৰাধীন ধেমাজি কাণ্ডৰ গোচৰ কৰা হ’ব৷ আনহাতে, সেই সময়ৰপৰাই আলফা(স্বাধীন)ৰ বিৰুদ্ধে সমগ্ৰ ৰাজ্যত এক জনমত গঢ়ি উঠিছিল৷