ছাইদুল ইছলাম, ডিফু
ডিফুঃ সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলত ডিফুৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় মাউণ্ট কালভাৰী স্কুল আৰু ডনবস্ক স্কুলৰপৰা উত্তীৰ্ণ হোৱা ডিফু চহৰৰ শীতলাবাড়ী আৰু পানবাৰীৰ জিয়ৰী ক্ৰমে নফিছা তাছমিন লষ্কৰ আৰু নন্দিনী ভাওৱালৰ ডিষ্ট্ৰীংছনৰ কৃৰ্তিত্বকলৈ শীতলাবাৰী আৰু পানবাৰীত উল্লাসৰ বন্যা বৈ গৈছে৷
ডিফু চহৰ আৰু এলেকা দুখনলৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী ছাত্ৰী ক্ৰমে নফিছা তাছমিন লষ্কৰে ঐচ্ছিক গণিতত ৯৯, সাধাৰণ গণিতত ১০০, ইংৰাজী ৯১, সাধাৰণ বিজ্ঞানত ৯৩, সমাজ বিজ্ঞানত ৯১, ইংৰাজী (আইএল)ত ৫০ ৰ ভিতৰত ৪৬ আৰু হিন্দী (আইএল) ত ৫০ৰ ভিতৰত ৪১ ডিষ্টীংছন সহ সৰ্বমুঠ ৫৫৮ নম্বৰত শতকৰা ৯৩ শতাংশ লাভ কৰিবলৈ সক্ষম হয়৷
আনহাতে ডিফু ডনবস্ক' হাইস্কুলৰপৰা উত্তীৰ্ণ হোৱা নন্দিনী ভাওৱালে ঐচ্ছিক গণিতত ৯৭, সাধাৰণ গণিতত ৯৫, সাধাৰণ বিজ্ঞানত ৯২, সমাজ বিজ্ঞানত ৭৩, হিন্দী (আইএল)ত ৫০ ৰ ভিতৰত ৪৩ আৰু ইংৰাজী (আই এল) ত ৫০ৰ ভিতৰত ৪৩ নম্বৰ মুঠ, ৫৩১ নম্বৰসহ শতকৰা ৮৮'৫০ শতাংশ লাভ কৰিবলৈ সক্ষম হয়৷
দুয়োগৰাকী ছাত্ৰী ভৱিষ্যতলৈ এগৰাকী দক্ষ আৰু সুচিকিৎসক ৰূপে দৰিদ্ৰৰ সেৱা আগবঢ়াবলৈ মনত আশা পুহি ৰাখিছে৷ বিদ্যালয়লৈ নিয়মীয়াকৈ যোৱা আৰু পৰীক্ষাৰ বাবে নিতৌ ৭,৮ ঘণ্টাকৈ পঢ়িছিল বুলি সাংবাদিৰ আগত ব্যক্ত কৰে৷ ইয়াৰে নন্দিনী ভাওৱালে অধ্যয়নৰ উপৰিও সংগীতৰ প্ৰতি অসীম ভালপোৱা আছে বুলি কোৱাৰ লগতে দুয়োগৰাকী ছাত্ৰীৰ পিতৃ-মাতৃ আৰু শিক্ষাগুৰু সকলৰ ঐকান্তিক পথ প্ৰদৰ্শনৰ বাবে এনে সফলতা লাভ কৰিছে বুলি জানিবলৈ দিছে ৷ নৱপ্ৰজন্মৰ প্ৰতি পৰীক্ষাত ভাল ফলাফল পাবলৈ নিয়মীয়া অধ্যয়ণ আৰু কঠোৰ পৰিশ্ৰম কৰিবলৈ আহ্বান জনায়৷
নছিফা তাছমিন লষ্কৰ ডিফু পশ্ছিম বন সংমণ্ডল জ্যেষ্ঠ সহকাৰী আকবৰ হুছেইন লষ্কৰ আৰু মমতাজ বেগম লষ্কৰৰ দুহিতা আৰু নন্দিতা ভাওৱাল পানবাৰীৰ শিক্ষক প্ৰফুল্ল চন্দ্ৰ ভাওৱাল আৰু সুমা ভাওৱালৰ কন্যা৷