ছাইদুল ইছলাম, ডিফুঃ কাৰ্বি আংলং জিলাৰ ডিলাইত স্বামীৰ প্ৰহাৰত প্ৰাণবায়ু উৰি গ'ল পত্নীৰ৷ এই লৈ এলেকাটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে৷

আৰক্ষীৰ সূত্ৰে জানিব পৰা মতে যোৱা বুধবাৰে পুৱতি নিশা প্ৰায় ৪-৩০ মান বজাত ডিলাই আৰক্ষী থানাৰ অন্তৰ্গত ০ পইণ্টৰ ৰাম তেৰাং গাঁৱত মোহন তেৰাং নামৰ লোক এজনে তেওঁৰ পত্নীৰ সৈতে সাংসাৰিক কাজিয়াত লিপ্ত হৈ স্বামী মোহন তেৰাঙে পত্নী নালী টেৰণপী (৩০)ক কাঠৰ টুকুৰাৰে মূৰত প্ৰহাৰ কৰি গুৰুতৰ জখম কৰে৷ 

পিছত নালী টেৰণপীক ডিলাইৰ উপস্বাস্থ্য কেন্দ্ৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে মহিলাগৰাকীৰ বাটতে মৃত্যু হোৱা বুলি ঘোষণা কৰে৷ এই সন্দৰ্ভত ডিলাই থানাত ২৫/ ১৯ নম্বৰত এক গোছৰ ৰুজো দি হত্যাকাৰী স্বামী মোহন তেৰাঙক গ্ৰেপ্তাৰ ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ বুলি আৰক্ষীয়ে সূত্ৰটোত প্ৰকাশ কৰে৷