♦ ডিফু চহৰক স্বচ্ছ কৰি তুলিবলৈ নাৰী শক্তিক অগ্ৰাধিকাৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ

ছাইদুল ইছলাম, ডিফুঃ পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ নাৰী সাৱলীকৰণৰ উদ্দেশ্য লৈ স্বচ্ছ ভাৰত অভিযান (নগৰীয়া)ৰ অংশ স্বৰূপে ডিফু মিউনিচিপাল্টি ব’ৰ্ডৰ উদ্যোগত শুকুৰবাৰে ডিফু ক্লাবত মহিলা আত্ম সহায়ক গোটৰ মাজত ঘৰে ঘৰে জাঁবৰ সংগ্ৰহ কৰাৰ বাবে লঘু বাহন বিতৰণ কৰা হয়৷

বাহনসমূহ আনুষ্ঠানিকভাৱে বিতৰণ কৰে কাৰ্বি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে৷ উক্ত আনুষ্ঠানিক বিতৰণ সভাত ক্ৰমে সাংসদ হৰেণছিং বে’, পৰিষদৰ উপাধ্যক্ষ ৰিতেশ ইংহি, ইএমসকল ক্ৰমে, প্ৰদীপ ৰংপি, ৰতন টেৰণ, অমৰছিং তিছ’, কাছে ৰংপিপি, প্ৰদীপ ডিফুছা, মাধূৰ্য ঢেকিয়াল ফুকণ, খনচিং ৰংপি, লুণচিং টেৰণ, কেইবাগৰাকী এমএচি, উপায়ুক্ত মুকুল কুমাৰ শইকীয়া, ডিফু মিউনিচি পাল্টি ব’ৰ্ডৰ অধ্যক্ষ ৰাহ ক্ৰ’ প্ৰমুখ্য কৰি কেইবীগৰাকী ব্যক্তি উপস্থিত থাকে৷

পৰ্যায়ক্ৰমে কাৰ্বি আংলঙৰ মহিলা আত্মসহায়ক গোটসমূহৰ সহায়ৰ হাত আগবঢ়াই নাৰী শক্তিক অগ্ৰাধিকাৰ দিয়াৰ বাবেই আজিৰ এই আনুষ্ঠানিক বিতৰণী কাৰ্যসূচীত আত্মসহায়ক গোটসমূহৰ জীৱন ধাৰণ পদ্ধতি উন্নত কৰাৰ বাবে ডিফু চহৰৰ বাছনিকৃত ১০ টা আত্মসহায়ক গোটৰ মাজত ডিফুৰ নগৰ সমিতিৰ উদ্যোগত ১০ খন অট’ ৰিক্সা, বস্তু আৰু সামগ্ৰী বাবে ৫ খন ট্ৰেইলাৰ আৰু ১০ খন ট্ৰিপাৰ ট্ৰাক বিতৰণ কৰা হৈছে বুলি মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে ভাষণ প্ৰসংগত উল্লেখ কৰে৷