ডিফুঃ এগৰাকী আদৰ্শ প্ৰধান শিক্ষয়িত্ৰীৰ বিদায় ক্ষণত ডিফুত সৃষ্টি হয় এক শোকাকুল পৰিবেশ ৷ ছাত্ৰ-ছাত্ৰী আৰু সহকাৰী শিক্ষক গোট আৰু কৰ্মচাৰী বৃন্দই প্ৰধান শিক্ষয়িত্ৰীৰ বিদায় বেলাত কান্দোনত ভাগি পৰে ৷

সমান্তৰালকৈ প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়েও মৰমৰ বিদ্যালয়খন এৰি যোৱাটো সহজভাবে ল’ব পৰা নাই ৷ ছাত্ৰ-ছাত্ৰী,  শিক্ষক-শিক্ষয়িত্ৰী আৰু কৰ্মচাৰী সকলক সাৱটি ধৰি শিক্ষয়িত্ৰী গৰাকী হুক্ হুকাই কান্দি কান্দি ভাগি পৰিল৷ 

পাহাৰীয়া জিলা কাৰ্বি আংলং জিলাৰ সদৰ চহৰ ডিফুত অৱস্থিত চন্দ্ৰচিং টেৰণ সোঁৱৰণী  উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ২০১৪ চনৰ পৰা শিক্ষাদান কৰি অহা প্ৰধান শিক্ষয়িত্ৰী ৰেণুৰেখা বৰাৰ কাৰ্যকাল ৩১ মাৰ্চত সামৰণি পৰাত বিদ্যালয়খনত আনুষ্ঠানিক ভাবে এক বিদায়ী অনুষ্ঠান অনুষ্ঠিত কৰা হয় ৷

অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী ৰেণুৰেখা বৰাই বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলাম, প্ৰাক্তন সভাপতি মুকুল বৰুৱা আৰু সদস্য সকলৰ উপস্থিতিত আজি আনুষ্ঠানিক ভাবে সহকাৰী প্ৰধান শিক্ষয়িত্ৰী অৰুণিমা পাঠকৰ হাতত দায়িত্ব হস্তান্তৰ কৰে ৷ 

বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মজাহাৰুল ইছলামে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়ত্ৰী গৰাকীৰ বিদ্যালয় খনলৈ আগবঢ়োৱাৰ অৱদান আৰু সুপৰিচালনা কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷

আনহাতে অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গৰাকীয়ে নিজৰ আবেগ বিহ্বল ভাষণেৰে তেওঁৰ বিদ্যালয়ৰ  কাৰ্যকালৰ স্মৃতি সমূহ ৰোমন্থন কৰি তেওঁৰ বিদায়ৰ পিছত বিদ্যালয় খনৰ উত্তৰণ কামনা কৰে ৷ ইয়াৰ পূৰ্বে শিক্ষক-শিক্ষয়িত্ৰী আৰু পৰিচালনা সমিতিয়ে অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষয়িত্ৰী গৰাকীক ফুলাম গামোছাৰে উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে ৷